/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ দিশে অগ্ৰসৰ হোৱা আহোম ৰাজত্বৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউ মৈদাম এলেকাক চৰাইদেউ জিলাত অন্তৰ্ভূক্তিৰে জিলাখনৰ সীমা নিৰ্ধাৰণৰ দাবীত শনিবাৰে সোণাৰিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।
সোণাৰি লাচিত উদ্যানত ঐতিহ্যমণ্ডিত চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিৰ আহ্বান ক্রমে একাধিক জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। পুৱা ১১ বজাৰ পৰা আৰম্ভ কৰা দুঘন্টীয়া কাৰ্যসূচীৰ অন্তত চৰাইদেউ জিলাৰ আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ সমিতিৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
Also Read: যোগ আৰু নেচাৰ’পেথি চিকিৎসালয় নিৰ্মাণে খামটি দৌলৰ অস্তিত্বত আঘাট সানিব নেকি?