বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব'হাগৰ এদিন...

ঐতিহ্যমণ্ডিত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শুকুৰবাৰে আয়োজন কৰা ব'হাগৰ এদিন শীৰ্ষক বিদ্যায়তনিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ধ্ৰুৱজ্যোতি শৰ্মাই...

author-image
Asomiya Pratidin
New Update
বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব'হাগৰ এদিন...

ডিজিটেল সংবাদ, বৰভাগ : "বিদ্যাৰ উদ্দেশ্য হৈছে ব্যক্তিৰ জীৱন নিৰ্মাণ। এগৰাকী নিষ্ঠাবান বিদ্যাৰ্থীৰ সামগ্ৰীক বিকাশ হৈছে শিক্ষাৰ মূলমন্ত্ৰ"- এই মন্তব্য বিশিষ্ট নাট্যকাৰ সাংবাদিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মাৰ । ঐতিহ্যমণ্ডিত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শুকুৰবাৰে আয়োজন কৰা ব'হাগৰ এদিন শীৰ্ষক সহ বিদ্যায়তনিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰি শৰ্মাই কয় যে, "ব'হাগ কেৱল তিনিটা বৰ্ণযুক্ত এটা শব্দ নহয়, ই জাতিৰ প্ৰাণ সঞ্জীৱনী শক্তি।

Advertisment

অসমীয়া মহাজাতিৰ সমন্বয় আৰু সংহতিত ব'হাগৰ আছে অতুলনীয় অৱদান । বৰভাগ কালাগ উচ্চতৰ মাধ্যমিকৰ গৌৰৱময় অতীতৰ কথা স্মৰণ কৰি সুবক্তা শৰ্মাই কয় বৰভাগ মানে শিক্ষাৰ কঠিয়াতলী, অগণিত মেধা আৰু প্ৰতিভাৰ জন্ম দিছে বৰভাগে আৰু এই বিদ্যালয় হৈছে বৰভগীয়া শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ প্ৰাণবিন্দু।"

বিদ্যালয়ৰ অধ্যক্ষ তথা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি মকিবৰ ৰহমানৰ সভাপতিত্ব বহা সভাখনত অতিথি ৰূপে উপস্থিত থাকি পৰিচালনা সমিতিৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই বিহু সংস্কৃতিৰ গতিধাৰাৰ ওপৰত বক্তৃতা প্ৰদান কৰে। শৈক্ষিক তত্বাৱধায়ক পৰেশ চন্দ্ৰ লহকৰৰ উপস্থিতিত মকিবৰ ৰহমানে সদ্যঘোষিত গুণোৎসৱত এ গ্ৰেড প্ৰাপ্তিৰ হেতু এয়া শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক- প্ৰাক্তন ছাত্ৰ তথা ৰাইজৰ সামূহিক শক্তিৰ ফচল বুলি মত প্ৰকাশ কৰে।

তদুপৰি সহ বিদ্যায়তনিক দিশত নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে এই ব'হাগৰ এদিন শীৰ্ষক অনুষ্ঠান আয়োজন কৰা বুলি কয়। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰায় সংখ্যক শ্ৰেণীৰ বিহুৱা দলে হুঁচৰি আৰু বিহুনৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে মনোৰঞ্জন প্ৰদান কৰে।

Also Read: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাৰ বিশেষ আহ্বান...

education department of assam