/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/lachit-sangha-1.jpg)
ডিজিটেল সংবাদ : মহানগৰীৰ চান্দমাৰিস্থিত মামনি ৰয়ছম গোস্বামী পথৰ গুৱাহাটী লাচিত সংঘৰ উদ্যোগত স্বাধীনতা দিৱসৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিনামূলীয়া কভিড-১৯ ভেকচিন প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কভিড-১৯ৰ দ্বিতীয়টো ভেকচিনৰ পাছত এতিয়া ৰাইজক তৃতীয় অৰ্থাৎ বুষ্টাৰ ড'জ ল'বলৈ চৰকাৰ তথা স্বাস্থ্য কেন্দ্ৰত আহ্বান জনোৱাৰ সময়তে লাচিত সংঘই এই প্ৰচেষ্টা হাতত লয়। ইতিমধ্যে বহু সংখ্যক লোকে বুষ্টাৰ ড'জ অৰ্থাৎ তৃতীয়টো ভেকচিন লৈছে।
দেওবাৰে গুৱাহাটী মহানগৰীৰ লাচিত সংঘই এই প্ৰচেষ্টা হাতত লয় আৰু ২২০ গৰাকী লোকে এই তৃতীয়টো ভেকচিন লয়। এই ভেকচিন প্ৰদান অনুষ্ঠানত লাচিত সংঘই সকলো সদস্য উপস্থিত থাকে। স্বেচ্ছাসেৱী সংগঠন 'ৰেইজড্' আৰু চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত এই ভকচিন প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
আৰু পঢ়ক : ৰাজ্যৰ ১৩ আৰক্ষী বিষয়া, কণিষ্টবললৈ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী সন্মান…