অসম গ্ৰন্থমেলাঃ ১১ দিনত প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

দেওবাৰে জনসমুদ্ৰত পৰিণত হয় চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা।

author-image
Asomiya Pratidin
New Update
অসম গ্ৰন্থমেলাঃ ১১ দিনত প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

অসম গ্ৰন্থমেলাত ৭ দিনত বিক্ৰী ২কোটি ৪০লাখ টকাৰ কিতাপ...

ডিজিটেল ডেস্ক: দেওবাৰে জনসমুদ্ৰত পৰিণত হয় চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা। পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়াৰ ভাগত বিৰ দি বাট বিচাৰি নোপোৱা অৱস্থাৰ সৃষ্টি কৰে ৷ ইপিনে “মুকুতা” আলোচনীৰ উদ্যোগত অনুষ্ঠিত কৰা “শিশুৰ দিন”ত কণ-মইনাহঁতৰ কলকলনিত মুখৰিত হৈ পৰে গ্ৰন্থমেলা ৷

Advertisment

শিশুৰ দিন উপলক্ষে আজি গ্ৰন্থমেলাত তিনিটা শাখাত অনুষ্ঠিত হয় চিৰঞ্জীৱ দত্ত সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা ৷ একেদৰে অনুষ্ঠিত কৰা হয় আকষ্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ ফলাফল অনুসৰি কাইলৈ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷

উল্লেখ্য যে বিদ্বৎ সমাজ , সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ লগতে ইয়াত অংশগ্ৰহণ কৰা আন আন প্ৰকাশন গোষ্ঠী সমূহে ৷ আজি একাদশ দিনালৈ ৫কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷ তদুপৰি মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷

আৰু পঢ়ক: 'দুৰ্দিনৰ গদ্য' উন্মোচন

assam assam book fair