Advertisment

নগাঁৱত 'সেউজ দ্বীপৰ বাসিন্দা' শীৰ্ষক গ্ৰন্থ উন্মোচন গৱেষক তিলক চন্দ্ৰ মজুমদাৰৰ

নগাঁও জিলা সাহিত্য সভাই সৌ সিদিনালৈকে ৫৯ খন নে কিমান গ্ৰন্থ প্ৰকাশ কৰিছে বুলি শুনিছো ৷ এয়া বৰ আনন্দৰ খবৰ ৷

author-image
Asomiya Pratidin
New Update
নগাঁৱত 'সেউজ দ্বীপৰ বাসিন্দা' শীৰ্ষক গ্ৰন্থ উন্মোচন গৱেষক তিলক চন্দ্ৰ মজুমদাৰৰ

ডিজিটেল সংবাদ,নগাঁও : ’নগাঁও জিলা সাহিত্য সভাই সৌ সিদিনালৈকে ৫৯ খন নে কিমান গ্ৰন্থ প্ৰকাশ কৰিছে বুলি শুনিছো ৷ এয়া বৰ আনন্দৰ খবৰ ৷ ইয়াৰ বিপৰীতে কোনো-কোনো প্ৰকাশকে লেখকৰ পৰা পইচা লৈ গ্ৰন্থ প্ৰকাশ কৰে -এই মন্তব্য তিলক চন্দ্ৰ মজুমদাৰৰ। দেওবাৰে নগাঁও জিলাৰ নতুন বজাৰস্থিত অৱসৰপ্ৰাপ্ত অধ্যাপক তথা শংকৰী সংস্কৃতিৰ বিশিষ্ট গৱেষক তিলক চন্দ্ৰ মজুমদাৰৰ বাসগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কলংপাৰ কাকতৰ উপ- সম্পাদক, লেখিকা পূৰবী চক্ৰৱৰ্তী সূতৰ 'সেউজ দ্বীপৰ বাসিন্দা’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে মজুমদাৰে ।

Advertisment

আকাশ বাণী নগাঁও কেন্দ্ৰৰ ঘোষক তথা বিশিষ্ট সাহিত্য সমালোচক চিদানন্দ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত মজুমদাৰে সাহিত্যৰ নামত সস্তীয়া কথাবোৰ বেয়া পাঁও বুলি দোহাৰে। লগতে কয় যে আৱাহন আৰু ৰামধেনু যুগৰ গল্পকাৰ সকলে সমাজৰ শাসক-শোষকৰ বিৰুদ্ধে কলমৰ গতি নিৰ্ভীকভাৱে পৰিচালিত কৰি তেওঁলোকক এক্সপজ কৰি দেখুওৱা সাহসিকতাৰ বিপৰীতে আজিৰ গল্পকাৰ সকলৰ মাজত সেই স্পষ্টবাদী ধ্যান-ধাৰণা দেখা নাই ৷ যদিও আছে এপাচি শাকত এটা জলকীয়াৰ লেখিয়া কথাহে বুলিব পাৰি ৷

মজুমদাৰে প্ৰসঙ্গক্ৰমে মূৰৰ মুণ্ডন নকৰি আজি আমি মনৰ মুণ্ডন কৰিবলৈ পাৰিব লাগিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ লেখক-সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত গ্ৰন্থ আলোচক হিচাবে অংশ গ্ৰহণ কৰি কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰ মাইল সিঙে আমাৰ শেহতীয়া সাহিত্যত প্ৰাত্যহিক জীৱনৰ যিবোৰ জটিলতা পৰ্যাপ্ত পৰিমাণে প্ৰতিফলিত হোৱা নাই বুলি উল্লেখ কৰে। লগতে কয় যে চক্ৰৱৰ্তীৰ গল্প সমূহে সমাজ সচেতনতাৰ দায়িত্ব বহন কৰাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰাৰ লগতে গ্ৰন্থৰ বিতৰণ পদ্ধতিও আশানুৰূপ নোহোৱাৰ ফলত পাঠকে বিচৰা গ্ৰন্থখন পাবলৈ নোৱাৰা বিষয়ত আক্ষেপ প্ৰকাশ কৰে ৷

অনুষ্ঠানত বিষয় শিক্ষয়িত্ৰী মনিষা বৰকটকী, লেখিকা উপমা মজুমদাৰ, লীনা সন্দিকৈ,দীপিকা নাথ, বন্তি চেতিয়া, শিল্পী কুমকুম বৰুৱা, সাংবাদিক জয়ন্ত বৰা আৰু গৌৰাঙ্গ বৰা প্ৰমুখ্যে বিশিষ্ট লোক সকল উপস্থিত থকা অনুষ্ঠানটিত বিশিষ্ট নাট্যশিল্পী তথা পৰিচালক পুণ্যদা বৰা, লেখিকা ৰূপা শইকীয়া আৰু লেখক দেবেন শইকীয়াই বক্তব্য দাঙি ধৰা অনুষ্ঠানটিৰ অন্তত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

আৰু পঢ়ক: গ্ৰন্থই বিশ্ব মানৱৰ ঐক্য সংহতি স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে: কনক সেন ডেকা

nagaon assam