অঞ্জলি মহন্তৰ 'মৰনৈ পাৰৰ নয়না' উন্মোচন

অঞ্জলি মহন্তৰ 'মৰনৈ পাৰৰ নয়না' উন্মোচন

ডিজিটেল সংবাদ, নগাঁওঃ ১৫ অক্টোবৰ দেওবাৰে গুৱাহাটীৰ ভগৱতী প্ৰসাদ ভৱনত "অঞ্জলি মহন্তৰ উপন্যাস "মৰনৈ পাৰৰ নয়না " উন্মোচন কৰা হয়। অসমৰ প্ৰথম নগাঁৱৰ অন্ধবিদ্যালয়ৰ প্ৰথমগৰাকী ছাত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম গৰাকী দৃষ্টিহীন স্নাতক, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপক প্ৰয়াত কমলা বৰুৱাৰ জীৱন ভিত্তিক উপন্যাস "মৰনৈ পাৰৰ নয়না এই উপন্যাসখন ব্ৰেইল সংস্কৰনতো উপলব্ধ।ব্ৰেইল লিপিত উপলব্ধ এইখনেই অসমীয়া প্ৰথম উপন্যাস।

এই দুয়োখন উপন্যাস উন্মোচন কৰে ক্ৰমে সাহিত্য অকাডেমি বটাঁ প্ৰাপক ডা:অপূৰ্ব কুমাৰ শইকীয়া আৰু জনপ্ৰিয় ঔপন্যাসিক ,সাহিত্যিক নবীন বৰুৱা ডাঙৰীয়াই। অনুষ্ঠানত উপস্থিত বিশিষ্ট গল্পকাৰ, সাংবাদিক, নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্ত ,বিশিষ্ট ঔপন্যাসিক মনিকুন্তলা ভট্টাচাৰ্য্য,বিশিষ্ট কবি কিশোৰ মোহন ভট্টাচাৰ্য্যই গ্ৰন্থখনিৰ বিষয়ে অতি সুন্দৰকৈ পৰ্য্যালোচনা আগবঢ়ায়।

উন্মোচনী ভাষন প্ৰদানত বিশিষ্ট সাহিত্যিক নবীন বৰুৱা আৰু ডঃ অপূৰ্ব কুমাৰ শইকীয়াই অন্ধত্বক বিষয় হিচাবে লৈ উপন্যাস লেখাৰ কামটো প্ৰশংসনীয় বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ডঃ দীপক কুমাৰ বৰকাকতী,হৰিদেৱ মহন্ত ,ডঃ হিতেশ গোস্বামী, আৰু বহুতো গন্যমান্য ব্যক্তি উপস্থিত আছিল। পূৰ্বায়ন প্ৰকাশনে উপন্যাস খন প্ৰকাশ কৰিছে।

অঞ্জলি মহন্তৰ 'মৰনৈ পাৰৰ নয়না' উন্মোচন
১০,০০০ টকা উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত BDO শেৱালী চক্ৰৱৰ্তী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in