কলিয়াবৰ শাখা সাহিত্য সভাত তিনি খন গ্ৰন্থ উন্মোচন…

কলিয়াবৰ শাখা সাহিত্য সভাত তিনি খন গ্ৰন্থ উন্মোচন…

author-image
asomiyapratidin
New Update
কলিয়াবৰ শাখা সাহিত্য সভাত তিনি খন গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ শাখা সাহিত্য সভা ভৱনত দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিনিখনকৈ গ্ৰন্থ উন্মোচিত হয়। সূবৰ্ণলতা মহন্তৰ কেইগৰাকী মান নাৰীৰ জীৱনীমূলক গ্ৰন্থ "অপৰাজিতাৰ হাঁহি" আৰু শিশু গল্পৰ সংকলন "বাখৰ আৰু দুগদুগী উন্মোচন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নবীন বৰঠাকুৰে।

Advertisment

আনহাতে মীৰা মহন্ত বসুমতাৰীৰ কবিতা সংকলন "মনৰ আকাশ" উন্মোচন কৰে শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সলিল কুমাৰ মিত্ৰই। কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস, প্ৰাক্তন মন্ত্ৰী তথা সাহিত্যিক গুণীন হাজৰিকা, গল্পকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ লগতে ভালে সংখ্যক সাহিত্যানুৰাগী উপস্থিত থাকে। গ্ৰন্থ উন্মোচনৰ লগত সংগতি ৰাখি এখন সাহিত্য বৈঠকো অনুষ্ঠিত হয়।

আৰু পঢ়ক: ওদালগুৰিত জিঅ'ৰ ইণ্টাৰনেট সংযোগৰ কামত অঘটন, শ্ৰমিকৰ মৃত্যু…

assam kaliabor