/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/879ba2cb-0e59-4d50-9aaf-ab74c435fefe/kjklj.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে উন্মোচন হয় "মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-২", "মুখ্যমন্ত্ৰীৰ ডায়েৰী" শীৰ্ষক গ্ৰন্থ। জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত এই গ্ৰন্থ দুখন উন্মোচন কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৬৫ টা সাবলীল-অনন্য বক্তৃতাৰ একত্ৰ সংকলন "মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-২"। বিগত সময়চোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। এই গ্ৰন্থসমূহে পঢ়ুৱৈৰ যথেষ্ঠ সঁহাৰিও লাভ কৰা দেখা যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1bfcb6d1-d573-4db6-aa91-c0a986816ee7/406770390_883901563190940_3010544243848605539_n.jpg)
আনহাতে এই অনুষ্ঠানতে অজিত প্ৰসাদ ৰাউটে উড়িয়া ভাষালৈ অনুবাদ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰবন্ধ সংকলন "Anya Eka Drustikona" শীষৰ্ক গ্ৰন্থ আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব,সংবাদ মাধ্যমৰ দীর্ঘদিনীয়া অভিজ্ঞতাৰে অভিজ্ঞ ধ্রুব মহন্তৰ গ্ৰন্থ "কিমান সুৰক্ষিত জাতিৰ ভৱিষ্যত" শীৰ্ষক গ্ৰন্থখন উন্মোচন হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/edadea9a-ce71-4c49-850f-dfe6a0936e69/406790627_883901849857578_6444255235849133669_n.jpg)
এই অনুষ্ঠানত ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাৰ শৰ্মাৰ লগতে মন্ত্ৰী পিযুষ হাজৰিকা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰগুপ্ত কাশ্যপ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যােতি সন্দিকৈ, বৰেণ্যা কথাশিল্পী অনুৰাধা শৰ্মা পূজাৰী আদি বহু বিশিষ্ট লোক উপস্থিত থাকে।
Also Read: ই যে নলবাৰীৰ ৰাস