/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/pijus-3.jpg)
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে জনতা ভৱনত মন্ত্ৰী ডা: ৰণোজ পেগুৱে উন্মোচন কৰা, অসম প্ৰৱাহ আৰু দ্যা আছামজ্যােতি কাকতৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ "ভিন্নজনৰ দৃষ্টিত ড° হিমন্ত বিশ্ব শৰ্মা" শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ।
শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত মন্ত্ৰীদ্বয়ৰ লগতে বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠক, ডা: জয়ন্ত বিশ্ব শৰ্মা, শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, চেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
গ্ৰন্থ খনৰ উন্মোচনৰ পাছত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে বহুতো কথা ক'ব পৰা যায় । ৰাজনীতিত নেতা আহে আৰু যায় কিন্তু ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে অসমক ইমান বেছিকৈ ভাল পোৱা নেতা দেখিবলৈ নাই পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতি মূহুৰ্ততে ৰাজ্যখনৰ বিদ্যালয়, চিকিৎসালয়ৰ আন্তগাঁথনিৰ উন্নয়ন, নিৱনুৱাক সংস্থাপন আদিকে ধৰি অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰে যাৰ বাবে তেঁও দিনটোৰ বেচিভাগ সময়েই ব্যস্ত থাকিবলগা হয় । মুখ্যমন্ত্ৰীৰ এনে আন্তৰিক প্ৰয়াসে ৰাজ্যখনক এদিন দেশৰ আগশাৰীৰ ৰাজ্য হিচাবে গঢ়ি তুলিব বুলি বিশ্বাস কৰাৰ কথা আজিৰ ব্যক্তব্যত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।
আনহাতে ভাষণ প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে কয় যে অসমত কা বিৰোধী আন্দোলনৰ ভৰপক সময়ত ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে অৰুণোদয় আঁচনিৰ কথা চিন্তা কৰি কম সময়তে ইয়াক ফলপ্ৰসু কৰিছিল । আনহাতে সকলো কথাতে ছিৰিয়াচ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো কথাৰে পৰৱৰ্তী সকলো খবৰ ৰাখে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।
অনুষ্ঠানত উন্মোচক মন্ত্ৰী ডা: ৰণোজ পেগুৰ লগতে বিশিষ্ট চিকিৎসক তথা মুখ্যমন্ত্ৰী মহোদয়ৰ জ্যেষ্ঠ ভাতৃ ডা: জয়ন্ত বিশ্ব শৰ্মা আৰু আন ব্যক্তিসকলেও বক্তব্য ৰাখে ।
আৰু পঢ়ক: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত ত্ৰিশূল ভূঞা