ৰাজ ভৱনত উন্মোচন কৰা হ'ল ডা: অমল চন্দ্ৰ কাকতিৰ আত্মজীৱনী মূলক গ্ৰন্থ...

ৰাজ ভৱনত উন্মোচন কৰা হ'ল ডা: অমল চন্দ্ৰ কাকতিৰ আত্মজীৱনী মূলক গ্ৰন্থ...

ডিজিটেল ডেস্ক : মঙলবাৰে অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়া সকলৰ উপস্থিতিত ৰাজ ভৱনত উন্মোচন কৰা হ'ল ডা: অমল চন্দ্ৰ কাকতিৰ আত্মজীৱনী মূলক গ্ৰন্থ 'চাইলেন্ট কন্টেমপ্লেচন... এৱেকেনিং দা ইনাৰ প্ৰতাগনিষ্ট' । গ্ৰন্থখনত উল্লেখ কৰা হৈছে এটি শিশু কিদৰে পৰৱৰ্তী সময়ত এগৰাকী চিকিৎসকৰ পৰা দেশৰ ভিতৰতে আটাইতকৈ বেছি কালৰ বাবে এখন আগশাৰীৰ কৰ্কট প্ৰতিষ্ঠানৰ নিৰ্দেশকৰূপে কাৰ্য নিৰ্বাহ কৰাৰ কাহিনী ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাজ্যপাল গৰাকীয়ে ডা: অমল চন্দ্ৰ কাকতিয়ে সম্পাদনা কৰা দুখনকৈ গ্ৰন্থ ক্ৰমে, 'প্ৰিঞ্চিপালছ এণ্ড প্ৰেকটিছ অৱ অনক'লজী' আৰু 'ত্ৰিপল চি ইন কেঞ্চাৰ' শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰিছিল ।

ডা: অমল চন্দ্ৰ কাকতিৰ দ্বাৰা ৰচিত এই গ্ৰন্থখনত উল্লেখ কৰা হৈছে চিকিৎসক গৰাকীয়ে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানটিক কিদৰে কৰ্কট ৰোগৰ চিকিৎসা আৰু সেৱাৰ বাবে সাজু কৰি তোলাৰে পৰা অত্যাধুনিক সা-সজুলিঁৰে আজিৰ পৰ্যায়লৈ অনা আৰু নতুন কৰ্কট বিশেষজ্ঞসকলৰ বাবে অধ্যয়ন কেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ কাহিনী ।

এই সন্দৰ্ভত ডা: অমল চন্দ্ৰ কাকতিয়ে সংবাদ মাধ্যমৰ সন্মুখত বিতংকৈ দিয়া তথ্য সমৃদ্ধ ভাষ্যই চিকিৎসক গৰাকীৰ প্ৰতিষ্ঠানটোৰ প্ৰতি থকা চিকিৎসক গৰাকীৰ দায়বদ্ধতাৰ কথা প্ৰমাণ কৰে । ইয়াৰ ওপৰিও, ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো চিকিৎসক গৰাকীয়ে প্ৰতিষ্ঠানটি সন্দৰ্ভত ভৱিষ্যত পৰিকল্পনাৰ কথাও অৱগত কৰে ডা: অমল চন্দ্ৰ কাকতিয়ে ।

উল্লেখ্য যে, ডা: অমল চন্দ্ৰ কাকতিৰ কলমেৰে এই গ্ৰন্থখনত ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা অথচ পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ ধৰা বহু কাহিনী নিগৰিছে ।

ইয়াৰ ওপৰিও কৰ্কট ৰোগৰ ওপৰত অত্যাধুনিক গৱেষণা, গুণগত মানৰ শিক্ষা আৰু ৰোগীৰ সেৱা সন্দৰ্ভত চিকিৎসক গৰাকীৰ পৰিকল্পনা সম্পৰ্কেও উল্লেখ কৰিছে চিকিৎসক গৰাকীয়ে । ডা: অমল চন্দ্ৰ কাকতি কেৱল এগৰাকী চিকিৎসকেই নহয় বৰং এগৰাকী সুদক্ষ প্ৰশাসকো সেই কথা প্ৰকাশ হৈছে তেওঁৰ উপযুক্ত ব্যক্তিৰ সৈতে এই পৰিকল্পনা সমূহক পৰৱৰ্তী সময়ত কাৰ্যান্বিত কৰাৰ পৰিকল্পনাত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in