‘অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰৱন্ধ’ শীৰ্ষক গ্ৰন্থ উন্মোচন, সাংবাদিকলৈ বিশেষ বঁটা…

‘অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰৱন্ধ’ শীৰ্ষক গ্ৰন্থ উন্মোচন, সাংবাদিকলৈ বিশেষ বঁটা…

author-image
asomiyapratidin
New Update
জে এন ইউত প্ৰচণ্ড মাৰপিটঃ ABVPৰ বহু কেইজন কৰ্মী আহত, এইমছত ভৰ্তি…

ডিজিটেল ডেস্ক: ৩ মে' মঙলবাৰে গুৱাহাটী স্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত প্ৰেক্ষাগৃহ অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠান।

কৰ্মপ্ৰাণ অযোধ্য প্ৰসাদ গোস্বামীৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱ আৰু সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন বিষয় সামৰি অসমৰ ন-পুৰণি ৪০ জন প্ৰতিষ্ঠিত সাহিত্যিক আৰু সাংস্কৃতিক কৰ্মীৰ দ্বাৰা ৰচনা কৰা হৈছে 'অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰৱন্ধ' সম্ভাৰ শীৰ্ষক গ্ৰন্থখন।

এই গ্ৰন্থখন মুকলি কৰাৰ লগতে প্ৰদান কৰা হ'ব "কৰ্মপ্ৰাণ অযোধ্যা প্ৰসাদ গোস্বামী সাংবাদিকতা বঁটা"। এইবছৰৰ বাবে এই বঁটা অসমৰ প্ৰবীণ সাংবাদিক, সাহিত্যিক তথা সাংস্কৃতিক কৰ্মী শ্ৰী প্ৰফুল্লপ্ৰাণ মহন্তক "জীৱনজোৰা সাধনা বঁটা" হিচাপে প্ৰদান কৰা হ'ব।

উল্লেখ্য যে এই অনুষ্ঠানত উপস্থিত থাকে মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ননীগোপাল গোস্বামীৰ লগতে কেইবাগৰাকী সত্ৰাধিকাৰ তথা বিশিষ্ট ব্য়ক্তি।

আৰু পঢ়ক: ঢকুৱাখনাত শ্ৰী দিগম্বৰ জৈন ভৱনৰ শিলান্যাস স্থাপন…

assam book