বকোত সাংস্কৃতিক বিষয়ৰ দুখনকৈ গ্ৰন্থ উন্মোচন

কামৰূপ জিলাৰ বকোত দেওবাৰে দুখনকৈ সাংস্কৃতিক বিষয়ৰ গ্ৰন্থ উন্মোচন কৰে ।

author-image
Asomiya Pratidin
New Update
বকোত সাংস্কৃতিক বিষয়ৰ দুখনকৈ গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত দেওবাৰে দুখনকৈ সাংস্কৃতিক বিষয়ৰ গ্ৰন্থ উন্মোচন কৰে । ৪৮ নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত বকো বজাৰৰ কাষতে থকা বকো সাহিত্য ভৱনত বিশিষ্ট শিক্ষাবিদ তথা লেখক ড৹ গণেশ্বৰ চহৰীয়াৰ ' সুবাসিত সংস্কৃতি ' আৰু ' সংস্কৃতিৰ পথাৰত ' -- শীৰ্ষক সাংস্কৃতিক বিষয়ৰ গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে -- লোক-সংস্কৃতিৰ গৱেষক সুকুমাৰ মেধি আৰু সোণতলী সাহিত্য সভাৰ সভাপতি চামচুল আলম ভূঞাই ।

Advertisment

বকো সাহিত্য সভাৰ সভাপতি সুৰেণ চন্দ্ৰ কলিতাই সভাপতিত্ব কৰা সভাখন আৰম্ভণিতে গৰৈমাৰী ফকৰুদ্দিন আলি আহমেদ মহাবিদ্যালয়ৰ অধ্যাপিকা বেগম ৰুণা লাইলা মজুমদাৰে সংগীত পৰিৱেশন কৰি সৌষ্ঠৱ বৰ্ধন কৰে ।

' সুৱাসিত সংস্কৃতি ' -- শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি উন্মোচন সুকুমাৰ মেধিয়ে লেখকৰ প্ৰচেষ্টাক প্ৰথমে শলাগ লয় । কামৰূপ জিলাৰ বিভিন্ন ঠাইত সিচঁৰিত হৈ থকা সাংস্কৃতিক বিষয়ৰ তথ্যসমূহ গ্ৰন্থ আকাৰত প্ৰকাশ কৰি ভৱিষ্যতলৈ সুৰক্ষিত কৰাৰ এয়া মহান প্ৰচেষ্টা বুলি মন্তব্য কৰে ।

উন্মোচনী ভাষণত সুকুমাৰ মেধিয়ে প্ৰয়াত ড৹ জীতেন দাসে ইতিমধ্যেই গ্ৰহণ এনে প্ৰচেষ্টাৰ কথাও উল্লেখে কৰে । উন্মোচনগৰাকীয়ে অসমৰ প্ৰথম কবি বগেজাৰী , নাওখেলাৰ গীত , কামৰূপী লোকগীত , চৈতালী নামৰ বিষয়ে বিস্তৃতকৈ বাখ্যা কৰি এনে বিষয়বোৰ লিখিত ৰূপত আজিলৈকে প্ৰতিষ্ঠা হোৱা নাই বুলিও আক্ষেপ প্ৰকাশ কৰে । সেইবাবে বিশিষ্ট শিক্ষাবিদ তথা লেখক ড৹ গণেশ্বৰ চহৰীয়াই লেখা সাংস্কৃতিক বিষয়ৰ গ্ৰন্থ দুখনে কিছু পৰিমাণে হ'লেও অভাৱ পূৰণ কৰিব বুলি উন্মোচনগৰাকীয়ে আশা প্ৰকাশ কৰে । ভৱিষ্যতেও লেখক ড৹ চহৰীয়াৰ কলমৰ জৰিয়তে এনেধৰণৰ মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰিবলৈ আহ্বান জনায় ।

আনহাত 'সংস্কৃতিৰ পথাৰত' -- গ্ৰন্থখন উন্মোচন কৰি সোণতলী সাহিত্য সভাৰ সভাপতি চামচুল আলম ভূঞাই লেখক ড৹ গণেশ্বৰ চহৰীয়াৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান হোৱা বুলি কয় । লেখকগৰাকীৰ গ্ৰন্থ উন্মোচন কৰা যোগ্যতা উন্মোচক গৰাকীৰ নাই বুলিও বিনম্ৰতাৰে প্ৰকাশ কৰি সাহিত্যৰ ক্ষেত্ৰখনত ভূঞাক লেখক ড৹ চহৰীয়াহে উলিয়াই অনিছে বুলি কৃতজ্ঞতা প্ৰকাশ কৰে ।

সভাত অসম বহু ভাষিক সাহিত্য মঞ্চৰ প্ৰধান সম্পাদক দীপক শৰ্মাই ভাষত সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চল ভিন ভিন ক্ষেত্ৰত চহকী বুলি উল্লেখ কৰি প্ৰচাৰ বিমুখিতাই এই দিশবোৰ লোক চক্ষুৰ আঁৰতে চিৰদিন থাকি গ'ল বুলি আক্ষেপ প্ৰকাশ কৰে । এনে বিষয়বোৰ ৰাইজ মাজলৈ উলিয়াই অনাৰ বাবে বিভিন্ন ক্ষেত্ৰত জৰিত বিশিষ্ট ব্যক্তিসকলক ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰধান সম্পাদকগৰাকীয়ে আহ্বান জনায় । গ্ৰন্থ উন্মোচনী সভাখনত কবি আলাউদ্দিন আল আমিন , কেশৱ চন্দ্ৰ ৰাভাকে ধৰি বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে ।

assam BOKO