মৃত্যুৰ পাছত বিশেষ ভাবে সক্ষম ৰুনুৰ দুখনকৈ গ্ৰন্থ উন্মোচন…

মৃত্যুৰ পাছত বিশেষ ভাবে সক্ষম ৰুনুৰ দুখনকৈ গ্ৰন্থ উন্মোচন…

author-image
asomiyapratidin
New Update
মৃত্যুৰ পাছত বিশেষ ভাবে সক্ষম ৰুনুৰ দুখনকৈ গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, বোকাখাত: বোকাখাত ম'হকুমাৰ কমাৰগাঁৱৰ বুধবাৰী গাঁৱৰ ৰুনু বৰুৱা নামৰ বিশেষ ভাবে সক্ষম এগৰাকী যুৱতীৰ কাব্য সংকলন 'মোৰ অনুভৱৰ পদূলিত' আৰু উপন্যাস 'আবদ্ধ কোঠাৰ বিননি' মঙলবাৰে উন্মোচন কৰা হয়।

উন্মোচন কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়াই। উল্লেখ্য যে বিদ্যালয়- মহাবিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ স্নাতক ডিগ্ৰী লাভ কৰা ৰুনুৰ ২০১৯ চনৰ ২ মে'ত মৃত্যু হয়।

জীৱিত কালতে সাহিত্য চৰ্চা কৰা ৰুনুৰ বহুতো লেখা অপ্ৰকাশিত হৈ থাকিল। পৰিয়ালৰ তৰফৰ পৰা ৰুনুৰ মৃত্যুৰ পাছত প্ৰকাশ কৰি উলিওৱা হয় উল্লিখিত গ্ৰন্থ দুখন।আজি তৃতীয় সংখ্যক মৃত্যু দিৱসত ৰুনুৰ বাসগৃহত কেইবাগৰাকীও ব্যক্তিৰ উপস্থিতিত গ্ৰন্থ দুখন উন্মোচন কৰা হয়।

আৰু পঢ়ক: মূল্যবৃদ্ধি, কৰ্মসংস্থাপনৰ অভাৱ! দেশত বৃদ্ধি নিবনুৱাৰ সংখ্যা…

bokakhat assam