নাৰায়ণপুৰৰ হিমানী ওজা ভূঞাৰ "প্ৰজাপতি মন" কাব্যগ্ৰন্থ উন্মোচন

নাৰায়ণপুৰৰ হিমানী ওজা ভূঞাৰ "প্ৰজাপতি মন" কাব্যগ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়ত শনিবাৰে নাৰায়ণপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হিমানী ওজা ভূঞাৰ কাব্যগ্ৰন্থ "প্ৰজাপতি মন" উন্মোচন কৰা হয় । গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, গ্ৰন্থপ্ৰাণ উপেন বৰুৱাই ।

নাৰায়ণপুৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী কনমাই বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে নাৰায়ণপুৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দীপিকা হাজৰিকা দত্তই । সভাখন উদ্বোধন কৰে জ্যেষ্ঠ চিকিৎসক ডা০ অতুল চন্দ্ৰ খাউণ্ডে ।

নাৰায়ণপুৰ লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা দেৱজানী বুঢ়াগোহাঁইয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভা খনৰ শুভাৰম্ভ কৰে নাৰায়ণপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ শিল্পীসকলৰ দ্বাৰা পৰিবেশিত "চিৰ চেনেহী মোৰ ভাষা জননী" গীতেৰে । সভাত খনত মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন্দ্ৰ নাথ শৰ্মা ,অৱসৰপ্ৰাপ্ত শিক্ষক,নাৰায়ণপুৰ কাব্য কাননৰ প্ৰাক্তন সভাপতি বীৰেন শৰ্মা,লখিমপুৰ জিলা কাব্য কাননৰ সম্পাদক উমেশ চন্দ্ৰ সোনোৱাল,নাৰায়ণপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ বৰুৱা,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ভাৰতী হাজৰিকা,নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সভাপতি গজেন হাজৰিকা,সম্পাদক প্ৰদীপ বৰা,প্ৰাক্তন সভাপতি জগত গগৈ প্ৰমুখ্যে অৰ্ধশতাধিক গ্ৰন্থানুৰাগী উপস্থিত থাকে । সভা খনত লুকু বৰুৱা আৰু জ্যোতিকা শৰ্মাই লোকগীত পৰিৱেশন কৰে ।

নাৰায়ণপুৰৰ হিমানী ওজা ভূঞাৰ "প্ৰজাপতি মন" কাব্যগ্ৰন্থ উন্মোচন
শংকৰী কলা কৃষ্টিৰ সাধক হৰেশ্বৰ নাথৰ মৃত্যু

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in