বিহপুৰীয়াত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত স্মাৰক গ্ৰন্থ উন্মোচন

বিহপুৰীয়াত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত স্মাৰক গ্ৰন্থ উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ,বিহপুৰীয়া: লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত বুধবাৰে বিহপুৰীয়া কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এখন গ্ৰন্থ উন্মোচন হয়। বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, সু লেখিকা,অনাতাঁৰ শিল্পী(কথিকা,কবিতা), অভিনেত্ৰী,প্ৰবীন খেলুৱৈ তথা লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সম্পাদিকা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদিকা প্ৰয়াত স্বৰ্ণ বৰাৰ সোৱঁৰণী স্মাৰক গ্ৰন্থ খন আজি উন্মোচন কৰা হয়৷

প্ৰয়াত স্বৰ্ণ বৰাৰ পৰিয়ালৰ সহযোগত এই উদ্দেশ্যে অনুষ্ঠিত সভাত প্ৰয়াত স্বৰ্ণ বৰাৰ সোৱঁৰণত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ ডিম্বেশ্বৰ সোনোৱাল আৰু জিলা লেখিকা সমাৰোহৰ উপদেষ্টা চন্দিকা দত্ত কোৱঁৰে ৷ লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী জয়া সেনাপতিৰ সভানেত্ৰীত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী ৰেখা ফুকনে আৰু আদৰণি ভাষণ দিয়ে প্ৰয়াত স্বৰ্ণ বৰাৰ একমাত্ৰ পুত্ৰ তথা সাংবাদিক লেনিন সৌৰভ বৰাই ৷

সভাত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ক্ষীৰপ্ৰভা হাজৰিকাই মুখ্য বক্তা হিচাবে উপস্থিত থাকি চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত ইহলীলা সম্বৰণ কৰা প্ৰয়াত স্বৰ্ণ বৰাৰ জীৱনাদৰ্শ তথা তেখেতৰ সাহিত্য,অভিনয় কৃতী সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷ জিলা সম্পাদিকা সাধনা বৰদলৈ দত্তই আতঁ ধৰা সভা খনত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিয়ে সাধনা দত্ত বৰদলৈৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্বৰ্ণিল অৰ্ঘ্য স্মাৰক গ্ৰন্থ খনি উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে ৷

সভাত প্ৰয়াত স্বৰ্ণ বৰাৰ স্বামী কনক বৰা,বিহপুৰীয়া কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী শইকীয়া, জিলা লেখিকা সমাৰোহ সমিতিৰ ক্ৰমে উপদেষ্টা স্বপ্না চেতিয়া গগৈ, কাৰ্যকৰী সভানেত্ৰী কুঞ্জ বুজৰ বৰুৱা,লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ সেনাপতি,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সাংগঠনিক সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া,অসম সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক জয়ন্ত হাজৰিকা,কবি হেমন্ত শইকীয়া আৰু খগেন্দ্ৰ বৰুৱাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু স্বৰ্ণ বৰাৰ পৰিয়াল বৰ্গ উপস্থিত থাকে ৷ সভাত মৈম্ময়ি সম্ৰাট বৈশ্যই এটি বিষ্ণু ৰাভা সংগীত আৰু বিহপুৰীয়া কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকলে এটি সমবেত সংগীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷

বিহপুৰীয়াত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত স্মাৰক গ্ৰন্থ উন্মোচন
ভৱ গোস্বামীলৈ নগাঁও সত্ৰ মহাসভাৰ 'ৰেবত চন্দ্ৰ মহন্ত স্মাৰক জীৱনজোৰা সাধনা বঁটা'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in