/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mmm-1.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: যোৱা ১ আগষ্টত মৰিগাঁও জিলাৰ তথা বটদ্ৰৱাৰ সমীপৱৰ্তী পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ অকাল বিয়োগ হয়। বিশিষ্ট শিক্ষাবিদ, সমাজ হিতৈষী গণিতজ্ঞ লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ স্মৃতিচাৰণ সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানটি বিদ্যালয়খনত অনুষ্ঠিত হয়।
পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি প্ৰফুল্ল বৰদলৈৰ সভাপতিত্ব অনুষ্ঠিত সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাওঁ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলীগগৈ ভূঞা, আৰু মৰিগাঁও জিলা সমিতিৰ সভাপতি তথা সাংবাদিক প্ৰতাপ হাজৰিকা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।
এগছি বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত "অনুভূতি" শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰি মৰিগাওঁ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলীগগৈ ভূঞাই কয় যে "নৰোৱা কুজিসত্ৰ আৰু মধ্য অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ ৰাইজে সদায় স্মৰণ কৰিব এগৰাকী বিশেষ ব্যক্তিক। যিগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধকৰ হাতত প্ৰাণ পায় উঠিছিল কুজিসত্ৰ 'শ্ৰী শ্ৰীশংকৰদেৱ ক'লা কেন্দ্ৰ। মহাপুৰুষজনাৰ সৃষ্টিৰাজিক সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছিল এইগৰাকী মহান পুৰুষ তথা বিশিষ্ট শিক্ষাবিদ লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীয়ে। সৰুৰেপৰাই শংকৰী কৃষ্টি সংস্কৃতিৰ সাধনা কৰা গোস্বামীৰ অবদান আজি সৰ্বদিশত চৰ্চিত হৈছে।
বংশানুক্ৰমে লাভ কৰা প্ৰতিভাৰ চানেকি হিচাপে লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ সত্ৰীয়া কলা-কৃষ্টিৰ বিকাশত বৰঙণিঙণি চিৰ-স্মৰণীয় হৈ ৰ'ৱ।" সাংবাদিক প্ৰতাপ হাজৰিকাই "তেখেতৰ আকর্ষণীয় ব্যক্তিত্বই সকলোৰে দৃষ্টি সহজেই আকর্ষিত কৰিছিল৷ লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ ধর্মনিৰপেক্ষ দৃষ্টিভংগী সকলোৰে শলাগৰ বিষয় হৈছিল, হিন্দু-মুছলমান দুয়োখন সমাজতে সমাদৃত হৈছিল দেৱগোস্বামী" বুলি মন্তব্য প্ৰদান কৰে।
বৰগীত, দিহাানা, লোক গীত আদি বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰয়াত গোস্বামীৰ কনিষ্ঠ ভাতৃ তথা জেষ্ঠ্য সাংবাদিক ভূপেন গোস্বামী, পত্নী দিপ্তী মহন্ত গোস্বামী, ভাতৃ শুভ চন্দ্ৰ দেৱ গোস্বামী, ভগ্নী তুলুমণি গোস্বামী, জীয়ৰী কাব্যশ্ৰী গোস্বামী, শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ চন্দ্ৰ বৰুৱা, প্ৰাক্তন অধ্যক্ষ ডিম্বেশ্বৰ বৰুৱা, কহুৱাআটি ডি ৰ বি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী জিনু শইকীয়া বৰুৱা, সদৌ অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফৰামৰ সম্পাদক আবুল হাচেম আল আমান, উত্তৰ শিলপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মানিক দাস, লাহেশ্বৰ বৰদলৈ, ৰমেন চন্দ্ৰ বৰদলৈ, খঞ্জন কলিতাৰ লগতে নৰোৱা কুজিসত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰৰ সদস্যবৃন্দ, মাধৱদেৱ পুথিভঁৰালৰ সদস্যবৃন্দ, কুজিসত্ৰ সৌমাৰ সংঘৰ সদস্যবৃন্দৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।
উল্লেখ্য যে, ১৯৮৯ চনত অসম বিজ্ঞান সমিতিৰ দ্বাৰা গণিতজ্ঞ সন্মান লাভ কৰা প্ৰয়াত দেৱগোস্বামী ৮০ দশকৰ অতি পিচপৰা এই অঞ্চলটোৰ প্ৰথম বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তি আৰু ২০১৭ চনত জুনত কাঠমাণ্ডুত ইণ্ডো-নেপাল ফ্ৰেণ্ডছিপ এণ্ড ক'ৰ্পৰেশ্চনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনে তেওঁক শান্তি আৰু সংহতিৰ নাগৰিক বঁটা প্ৰদান কৰিছিল।
আৰু পঢ়ক: ভাঙি পেলোৱা হ'ল পুনৰ এখন মাদ্ৰাছাঃ শিক্ষকৰ ৰূপত দীৰ্ঘদিনে এজনে চলাই আছিল জেহাদীৰ কাৰ্যকলাপ…