/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/WhatsApp-Image-2022-03-08-at-4.21.19-PM.jpeg)
ডিজিটেল সংবাদ, কলিয়াবৰ :'ভীমৰাও আম্বেদকাৰৰ আদৰ্শৰে নাৰীক আগুৱাই নিব লাগিব৷ ১৯৫১তে নাৰীক লৈ সংসদত একপ্ৰকাৰ যুঁজ আৰম্ভ কৰিছিল এইগৰাকী ব্যক্তিয়ে৷ নাৰীৰ সাক্ষৰতাৰ হাৰ, নাৰী স্বাধীনতাৰ পতাকাখন তেতিয়াই দাঙি ধৰিছিল এওঁ৷ বৰ্তমান সকলো স্তৰৰ নাৰী সুন্দৰৰ পথেৰে আগুৱাই যাওক৷ এয়ে হওক আজিৰ চিন্তা' মঙলবাৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ চোতালত আৰ্ন্তজাতিক নাৰী দিৱস উপলক্ষে আয়োজিত এখনি গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মাই ৷
কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰতি বসুমতাৰী আৰু বৰ্ণালী কাকতিৰ সম্পাদনাত মঙলবাৰে উন্মোচিত 'নাৰী আৰু চিন্তন' গ্ৰন্থখনি উন্মোচন কৰে ভূপেন শৰ্মাই৷ ইয়াৰ লগতে আৰতি বসুমতাৰীৰ 'সাহিত্য সম্ভাৰ' শীৰ্ষক গ্ৰন্থখনিও প্ৰচাৰৰ বাবে মুকলি হয়৷ কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত সদৌ অসম লেখিকা সমাৰোহৰ বিষয়ববীয়া, কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক বিৰাজভূষণ বৰাকে ধৰি অৰ্ধশতাধিক লোক উপস্থিত থাকে৷
কলিয়াবৰ প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত লেখিকা সমাৰোহৰ যুটীয়া সম্পাদিকা সুবৰ্ণলতা মহন্তই নাৰীৰ সম অধিকাৰ আৰু বাস্তৱতাৰ ওপৰত বক্তব্য প্ৰদান কৰে৷ নাৰী আৰু চিন্তন গ্ৰন্থখনিত বাইশটাকৈ বিভিন্নগৰাকী লেখক লেখিকাৰ লেখাই স্থান পাইছে৷ মুলতঃ নাৰীৰ বিভিন্ন বিষয়ক লৈয়ে বিভিন্ন লেখাৰে সমৃদ্ধ হৈছে এইখন গ্ৰন্থ ৷ সাহিত্য সম্ভাৰ গ্ৰন্থখনিত আছে সাহিত্য সমালোচনাৰ বিষয়বস্তু ৷
আজিৰ অনুষ্ঠানটোতে কলিয়াবৰ শাখা সাহিত্য সভা আৰু ড° ভৱেন্দ্ৰনাথ শইকীয়া পুথিভঁৰাললৈ একোটিকৈ গ্ৰন্থৰ টোপোলা প্ৰদান কৰে৷ নাৰীৰ অধিকাৰ আৰু বৰ্তমান সময়ত নাৰীৰ অগ্ৰগামী খোজৰ বিষয়ে বৰ্তমানেও বহু কৰিবলগীয়া আছে বুলি মন্তব্য কৰে লেখিকা আৰতি বসুমতাৰীয়ে৷ নাৰী দিৱসৰ দিনটোতে দুগৰাকীকৈ নাৰীৰ দ্বাৰা সম্পাদিত আৰু ৰচিত দুখনকৈ গ্ৰন্থৰ উন্মোচনক শলাগ লৈছে সকলোৱে৷