/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/be37f6e2-5710-4852-917f-cdc4ea82f9ee/guwahati.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে দিনৰ ১ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত বীতামণি চক্রৱৰ্ত্তীয়ে আঁত ধৰা এখনি সভাত ‘ড° সূৰ্য্য হাজৰিকাৰ নিৰ্বাচিত কিছু গীতৰ স্বৰলিপি” শীর্ষক গ্রন্থখনি উন্মোচন কৰা হয় ।
গীতিকাৰ ড° সূৰ্য্য হাজৰিকা, বিশিষ্টা গায়িকা মনীষা হাজৰিকা, আকাশবাণী গুৱাহাটীৰ কেন্দ্র সঞ্চালক অৱনী ৰঞ্জন পাঠক, কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গৌতম শৰ্মা, অসম জাতীয় বিদ্যালয় পৰিচালনা সমিতি সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী, বিশিষ্ট শিল্পী নিত্যানন্দ ডেকা, পুথিখনৰ স্বৰলিপিকাৰ গীতিকাৰ, সুৰকাৰ সঙ্গীত পৰিচালক ৰঞ্জন কুমাৰ ভট্টাচাৰ্য্যকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰা হয় ।
ড° সূৰ্য্য হাজৰিকা ৰচিত, প্ৰাতঃ স্মৰণীয় সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, প্রয়াত প্ৰভাত শৰ্মাকে ধৰি বিভিন্নজনে সুৰাৰোপণ কৰা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, লোকনাথ গোস্বামী, মহেন্দ্ৰ হাজৰিকা আদি বহুজনৰ কণ্ঠেৰে বাণীবদ্ধ হৈ ইতিমধ্যে মুক্তি লাভ কৰা সৰ্বমুঠ ২৪ টা গানৰ স্বৰলিপি পুথিখনত প্ৰস্তুত কৰিছে ৰঞ্জন কুমাৰ ভট্টাচাৰ্য্যই ।
একেখন সভাতে গুৱাহাটীৰ সপ্তসুৰ শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত পদ্মশ্ৰী বঁটা প্ৰাপক ড০ সূৰ্য্য হাজৰিকা ৰচিত গীতৰ প্ৰতিযোগিতাৰ বঁটাসমূহো প্ৰদান কৰা হয়। ক শাখা প্রথম স্থান বৃষ্ণিতা বৰা, দ্বিতীয় অমন আহমেদ, তৃতীয় লুইছা বৰগোঁহায়ে লাভ কৰে।
খ শাখা প্রথম (যুটীয়া ভারে) গুণগুণ কাশ্যপ, আৰু প্ৰিয়াঞ্চী বর্মণ, দ্বিতীয় খ্যাতি তৃষ্ণা দেৱী, তৃতীয় উপাসনা বর্মণ। গ শাখা বিচাৰকৰ বিশেষ বঁটা জ্যোতিমালা শৰ্মা বৰদলৈ, আৰু মিনার্ভা বেজবৰুৱা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us