দিলীপ কুমাৰ বৰাৰ “মোৰ জীৱনৰ সোৱৰণিৰ পৃষ্ঠা” গ্ৰন্থ উন্মোচনী সভা…

দিলীপ কুমাৰ বৰাৰ “মোৰ জীৱনৰ সোৱৰণিৰ পৃষ্ঠা” গ্ৰন্থ উন্মোচনী সভা…

author-image
asomiyapratidin
New Update
দিলীপ কুমাৰ বৰাৰ “মোৰ জীৱনৰ সোৱৰণিৰ পৃষ্ঠা” গ্ৰন্থ উন্মোচনী সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "লিখক সকল সমাজ আৰু সংস্কৃতিৰ লগত জড়িত হব লাগিব। তেওঁলোক সুক্ষ্ম বিশ্লেষক হ'ব লাগিব, কিন্তু আবেগিক হ'ব নালাগে। আবেগিক কথাই কেতিয়াবা ধ্বংস মাতি আনে।" এই মন্তব্য নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ।

Advertisment

সোনাই নদীৰ উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ উদ্যোগত আজি বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ বৰাৰ "মোৰ জীৱনৰ সোৱৰণিৰ পৃষ্ঠা" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি তেওঁ এই মন্তব্য আগবঢ়াই। বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়াৰ সৌৰভ ভৱন প্ৰাংগনত সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন পাটৰে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি মানৱ অধিকাৰ কৰ্মী তথা যুক্তিবাদী লিখক লাচিত বৰদলৈ, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, হাতীচোং জিলা পৰিষদৰ সদস্যা সীমা ৰেখা ভৰালী, কৃৰ্তি শিক্ষক নৰেন ডেকা, সমাজকৰ্মী প্ৰভাত বৰা, সাংবাদিক দিব্যজ্যোতি বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষন প্ৰদান কৰে।

সৌৰভ শাখা সাহিত্য সভাৰ উপ-সভাপতি নৱকমল ৰাজাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিতে চেনিমাই বৰা, ৰীতামণি ভূঞা আৰু নাৰায়ণ দাসক অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। আইভেটি গাঁও পঞ্চায়তৰ সভাপতি দেহিৰাম বৰা, কবি, সাংবাদিক কন্দৰ্প কুমাৰ কলিতা, বৰ্নালী বৰা অৰ্নৱ গাৰ্গ, গীতাাঞ্জলি বৰা
এখন, দেৱশ্ৰী বৰা, দৰ্শনা বৰা, ৰাজীৱ গায়ন, মৃদুপৱন বৰা, সামাজিক সাংস্কৃতিক অনুষ্ঠান সহোদৰ সভাপতি শংকৰ জ্যোতি শৰ্মা, উপসভাপতি প্ৰভাত চন্দ্ৰ দাসকে আদি কৰি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত লিখক দিলীপ কুমাৰ বৰাই শলাগৰ শৰাই আগবঢ়াই।

nagaon batadraba