/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a0eab0b8-5c57-4028-8766-846b4a654195/bbok_inauguration.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : অসমৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ক্ৰান্তিকাল প্ৰকাশনৰ উদ্যোগত, সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলন আৰু সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বনচাইৰ সহযোগত নগাঁও মহাবিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা চেমিনাৰ হলত আজি বিশিষ্ট সাহিত্যিক অনিতা দেৱীৰ দুখন গ্ৰন্থ উন্মোচন হয়। ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীপ্তি দেৱী শৰ্মা, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দিজেন্দ্ৰনাথ হাজৰিকা, বনচাইৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকী, ৰঙাজিঁয়া সদৰ শাখা কবি সন্মিলনৰ সভাপতি অশোকৰাম ভট্টাচাৰ্য, শিক্ষাসেৱী আলাউদ্দিন ফাৰুকি, কঠীয়াতলী শাখা কবি সন্মিলনৰ সভাপতি অতুল চন্দ্ৰ কাকতিকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনিতা দেৱীৰ "জীৱন প্ৰেম ইতিবাচক ইত্যাদি" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে আৰু লেখিকাৰ আনখন গ্ৰন্থ "শিক্ষাৰ্থীৰ সফল জীৱন গঢ়াৰ পাঠ" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক নূপুৰ মোমাইদেউখ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্যই।
উল্লেখ্য যে বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা পুণ্যলতা গোহাঁই, ৰঙাজিঁয়া সদৰ শাখাৰ সম্পাদক কবিতা বৰা, সাহিত্যিক-সাংবাদিক বন্দনা নাথ ঠাকুৰীয়া, স্বভাৱ কবি লক্ষী মেধি, যুৱ কবি দেৱ বৰা, লক্ষ্যজ্যোতি বৰা, লখিমী মহন্ত, হেলেন পণ্ডিত, ৰাতুল শৰ্মা, দেৱজানী পাঠক শৰ্মা, শশী কেওট, ধনমণি শইকীয়া, সুৱগা কাকতি, শিক্ষাসেৱী চুৰেহা খাটুন, গকুল মণ্ডল, শ্যামল চক্ৰৱৰ্তী, মামনি তালুকদাৰ, নাট্যকৰ্মী ইন্দ্ৰ মোহন দাস, ভাস্কৰজ্যোতি দাস, মমী দেৱী প্ৰমুখ্যে প্ৰায় তিনিকুৰি ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ আঁত ধৰে মদাৰজ্যোতিয়ে।