বাইহাটা চাৰিআলিৰ ভোমোলাহাটিত গ্ৰন্থ উন্মোচনী সভাঃ নজৰুল ইছলামৰ আদৰ্শক অনুসৰণৰ আহ্বান...

বাইহাটা চাৰিআলিৰ ভোমোলাহাটিত গ্ৰন্থ উন্মোচনী সভাঃ নজৰুল ইছলামৰ আদৰ্শক অনুসৰণৰ আহ্বান...
বাইহাটা চাৰিআলিৰ ভোমোলাহাটিত গ্ৰন্থ উন্মোচনী সভাঃ নজৰুল ইছলামৰ আদৰ্শক অনুসৰণৰ আহ্বান...

ডিজিটেল সংবাদ দুমুনিচকী: আজি ৰাতিপুৱা ১০ বজাৰ পৰা দিন যোৰা কাৰ্যসূচীৰে ভোমোলাহাটী যুৱক সংঘৰ উদ্যোগত নজৰুল ইছলাম সোঁৱৰণী সমিতিৰ সহযোগত বিশিষ্ট শিক্ষাবিদ তথা সমাজ সংস্কাৰকৰ লগতে ছেবাৰ প্ৰাক্তন সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মহৰুম নজৰুল ইছলামৰ সোঁৱৰণত এখন গ্ৰন্থ উন্মোচন কৰা হয়। এই উপলক্ষে আজি বিয়লি ৩ বজাৰ পৰা এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

কামৰূপ জিলাৰ বিদ্যাভাৰতী কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ ভূৱনেশ্বৰ ডেকাই সভাপতিত্ব কৰা উক্ত সভাত প্ৰয়াত নজৰুল ইছলামৰ সোঁৱৰণত 'নিজানৰ তৰা' নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয়। আজিৰ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট শিক্ষাবিদ ৰজনীকান্ত তালুকদাৰ, সমাজকৰ্মী হুছেইন আলী খন্দকৰ, বিশিষ্ট শিক্ষাবিদ চৈয়দ আৰিফ হুছেইন, কামৰূপ বিদ্যপিঠ হাইস্কুলৰ প্ৰধান শিক্ষক আলতাফ হুছেইন খন্দকৰ, পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক ডা:মাহআলাম আলী খন্দকৰ। ভোমোলাহাটী যুৱক সংঘৰ মূখ্য উপদেষ্টা খাইৰুল ইছলাম খন্দকৰ, ভোমোলাহাটী যুৱক সংঘৰ সভাপতি মহঃ লতিউদ্দিন আহমেদ ভোমোলাহাটী যুৱক সংঘৰ সম্পাদক তাৰিকুল চৌধুৰী, বিত্ত সম্পাদক ইয়াকুব আলীৰ লগতে আন বিষয়ববিয়া উপস্থিত থাকে।

উল্লেখ্য যে, ইয়াৰ উপৰিও আজিৰ গ্ৰন্থ উন্মোচনী সভাত প্ৰয়াত নজৰুল ইছলামৰ সহধৰ্মিণী চুৰিয়া বেগম আৰু কনিষ্ঠ কন্যা চাহিন চবনম শ্বাহাজাদি উপস্থিত থাকে। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা আজিৰ গ্ৰন্থ উন্মোচনী সভাৰ পূৰ্বে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে যুৱ ব্যৱসায়ী তথা এ মি টি একাডেমিৰ পৰিচালক চেলিম চৌধুৰীয়ে। উল্লেখ্য যে, গ্ৰন্থ উন্মোচনী সভাত নজৰুল ইছলামৰ অদৰ্শৰে সকলো ছাত্ৰ-ছাত্ৰী তথা ৰাইজক অনুপ্ৰাণিত হৈ সমাজত একতা আৰু ভাতৃত্যৰে আগবাঢ়ি যাবলৈ ভাষণ প্ৰসংগত আহ্বান জনাই।

বাইহাটা চাৰিআলিৰ ভোমোলাহাটিত গ্ৰন্থ উন্মোচনী সভাঃ নজৰুল ইছলামৰ আদৰ্শক অনুসৰণৰ আহ্বান...
শেষ হোৱা নাই বিতৰ্ক ! মুক্তিৰ পূৰ্বেই লিক 'পাঠান', এই কেইটা ৱেব চাইটত উপলব্ধ চিনেমাখন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in