বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশুৰ বাবে পুষ্টি পুনৰ্বাসন কেন্দ্ৰ উদ্বোধন সাংসদ ফণীভূষণ চৌধুৰীৰ

৫০০ এল পি এম মেডিকেল অক্সিজেন গেছ উৎপাদন কাৰখানাও উদ্বোধন কৰে সাংসদ চৌধুৰীয়ে

author-image
Asomiya Pratidin
New Update
বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশুৰ বাবে পুষ্টি পুনৰ্বাসন কেন্দ্ৰ উদ্বোধন সাংসদ ফণীভূষণ চৌধুৰীৰ

ডিজিটেল ডেস্ক : বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৫০ বিছনাযুক্ত মাতৃ আৰু শিশুৰ বাবে পুষ্টি পুনৰ্বাসন কেন্দ্ৰ আৰু ৫০০ এল পি এম মেডিকেল অক্সিজেন গেছ উৎপাদন কাৰখানা উদ্বোধন কৰে নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে। ৫জুলাইৰ দিনা সাংসদগৰাকীয়ে উক্ত কাৰ্যসূচীৰ উপৰি বীৰঝোৰা হাইস্কুলৰ খেলপথাৰৰ সংস্কাৰ আৰু উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে।

Advertisment

উল্লেখযোগ্য যে ভাৰতীয় তেল নিগম লিমিটেড, বঙাইগাঁও শোধনাগাৰৰ কৰ্পৰেট পৰিৱেশ দায়বদ্ধতাৰ পদক্ষেপৰ অধীনত এই আঁচনিসমূহ গ্ৰহণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত নৱদীপ পাঠক,কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী নয়ন কুমাৰ বৰুৱা, মিহিৰ সিংঘল, কেশৱ চন্দ্ৰ দৈমাৰী, মুছুখা বড়ো উপস্থিত থাকে। লগতে বঙাইগাঁও শোধনাগাৰ আৰু জিলা প্ৰশাসন তথা বঙাইগাঁৱৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মাতৃ আৰু নৱজাত শিশুৰ বাবে এটা Nutritional Rehabilitation Ward স্থাপনৰ বাবে বঙাইগাঁও শোধানাগাৰ কৰ্তৃপক্ষই, জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা এটি অনুৰোধ লাভ কৰিছিল। সেই অনুৰোধ ৰক্ষা কৰি বঙাইগাঁও শোধনাগাৰে পুষ্টি পুনৰ্বাসন কেন্দ্ৰ নিৰ্মাণ কৰাত সহযোগিতা আগবঢ়ায়।

এইক্ষেত্ৰত সাংসদ ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও শোধনাগাৰে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ শলাগ লয়। বঙাইগাঁও শোধনাগাৰে প্ৰদান কৰা সা-সুবিধাই বঙাইগাঁও অসামৰিক চিকিৎসালয়ত অতিৰিক্ত মৌলিক স্বাস্থ্য সুবিধা প্ৰদানৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি যাব বুলিও মন্তব্য কৰে।

ইফালে এই কাৰ্যসূচী সম্পন্ন কৰাৰ পাছতে সাংসদগৰাকীয়ে বীৰঝোৰা হাইস্কুলৰ খেলপথাৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। ভাৰতীয় তেল নিগম লিমিটেড, বঙাইগাঁও শোধনাগাৰৰে বঙাইগাঁৱৰ বীৰঝোৰা মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে এখন বুজাবুজি চুক্তি কৰা হয়।

এই চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকে জিলা আয়ুক্ত নৱদীপ পাঠক, সাংসদ ফণীভূষণ চৌধুৰী, কাৰ্যবাহী সঞ্চালক আৰু শোধনাগাৰ মুৰব্বী বিষয়া নয়ন কুমাৰ বৰুৱা, মিহিৰ সিংঘল, কেশৱ চন্দ্ৰ দৈমাৰী, হেমন্তী বালা ৰায় বৰ্মন আদি।

Bongaigaon Civil Hospital PHANI BHUSHAN CHAUDHURY