বঙাইগাঁৱৰ মাণিকপুৰত ছুৰিকাঘাতৰ ঘটনাঃ এজনৰ মৃত্যুৰ বিপৰীতে আহত...

বঙাইগাঁৱৰ মাণিকপুৰত ছুৰিকাঘাতৰ ঘটনাঃ এজনৰ মৃত্যুৰ বিপৰীতে আহত...

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

ডিজিটেল সংবাদ, বঙাইগাঁওঃ মঙলবাৰে পুৱা বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোনাইকোলাত চুৰিৰ আঘাতত এজনলোকে থিতাতে মৃত্যুক আঁকোৱালি লয়। মৃত ব্যক্তিজনৰ নাম ২ নং কাৱাদীৰ (সোনাইকোলা)ৰ শুকুৰ আলী(৫০)।

Advertisment

লোকজনক চুৰিৰে আঘাত কৰা ব্যক্তিজনৰ নাম আব্দুল গোফুৰ (৩২)। আব্দুল গোফুৰৰ ঘৰ অভয়াপুৰী থানাৰ অন্তৰ্গত আমবাৰীত আৰু কৰ্মসূত্ৰে চিৰাং জিলাৰ কাজল গাঁৱত বাস কৰে। আনহাতে ঘটনা কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত। জানিব পৰা অনুসৰি ঘটনাৰ পাছত দুয়োকে মাণিকপুৰ আদৰ্শ মহাত্মাগান্ধী চিকিৎসালয়ত নিয়া হয় যদিও শুকুৰ আলীক ডাক্তৰে মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে আব্দুল গোফুৰক প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে মাণিকপুৰ আৰক্ষীৰ তত্ত্বাৱধানত বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে মৃত ব্যক্তিগৰাকীৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিতহৈ পৰিস্থিতিৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত কি তথ্য পোহৰলৈ আহে সেয়া লক্ষনীয় হ'ব ।

Also Read: পুনৰ হাত দাঙিলে এগৰাকী বিষয়াই

Assam police