
ডিজিটেল সংবাদ বঙাইগাঁওঃ অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ ব্যাপক প্ৰস্তুতিয়ে বঙাইগাঁও আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজৰ মাজত উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰিছে ৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত গান্ধী ময়দানত ১৩ মাৰ্চৰ পৰা অহা ১৯ মাৰ্চলৈ আয়োজিত হ’ব এই গ্ৰন্থমেলা ৷
অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজি এক বিবৃতি যোগে কয় যে কাইলৈ বিয়লি ৪ বজাত অসম গ্ৰন্থমেলা, বঙাইগাঁও উদ্বোধন কৰিব ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক তিলোত্তমা মজুমদাৰ ৷
লগতে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট লেখক, বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামী আৰু বিশিষ্ট লেখক, অভিধান প্ৰণেতা সুমন্ত চলিহা ৷ গ্ৰন্থমেলাৰ প্ৰতিদিনে অনুষ্ঠিত হ’ব ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷
সেই অনুসৰি অহা ১৪ মাৰ্চত বিয়লি ২ বজাত জনপ্ৰিয় গল্পকাৰ-ঔপন্যাসিক মনালিছা শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ’ব “সাহিত্য-আলচ” শীৰ্ষক লেখক-পাঠকৰ সমাৰোহ ৷ ১৫ মাৰ্চত অনুষ্ঠিত হ’ব “সাহিত্যৰ সমৃদ্ধিত কথিত ভাষাৰ গুৰুত্ব” শীৰ্ষক এখনি আলোচনা সত্ৰ ৷
বিশিষ্ট গল্পকাৰ জয়ন্ত মাধৱ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক ক্ৰমে ড° বিনীতা বৰা দেৱচৌধুৰী, ড° মাধুৰ্য্য মণ্ডিত বৰুৱা, ড° গোপাল বৰ্মন আৰু পুলিন কলিতাই ৷ ১৬ মাৰ্চত বিশিষ্ট কবি-লেখক ড° প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ সঞ্চালনাত অনুষ্ঠিত হ’ব কবি সন্মিলন ৷
১৭ মাৰ্চত লেখক আৰণ্যক শইকীয়াৰ সঞ্চালনাত আয়োজিত হ’ব যুৱ লেখকৰ অনুষ্ঠান “উন্মীলন”৷ ১৮ মাৰ্চত পুৱা ১১ বজাত অনুষ্ঠিত হ’বলগীয়া “শিশুৰ দিন” উদ্ধোধন কৰিব লেখক,সাহিত্য অকাদেমি বঁটা বিজয়ী ৰাজা দেৱজিৎ বসুমতাৰীয়ে। “শিশুৰ দিন”ৰে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হ’ব চিত্ৰাংকণ, কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা ৷
১৯ মাৰ্চৰ বিয়লি আয়োজন কৰা হ’ব অসম গ্ৰন্থমেলা , বঙাইগাঁৱৰ সামৰণি অনুষ্ঠান ৷ ইয়াত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক কুল শইকীয়াই ৷ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক, অভিধান প্ৰণেতা সুমন্ত চলিহা , বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়ো আৰু বিশিষ্ট লেখক, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই ৷
উল্লেখ্য যে অসম গ্ৰন্থমেলা, বঙাইগাঁৱত বহু কেইটা প্ৰকাশন গোষ্ঠীয়ে গ্ৰন্থ সম্ভাৰ মুকলি কৰিব বুলি বিবৃতিত প্ৰকাশ পাইছে ৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ লগতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীয়ে অসম গ্ৰন্থমেলা, বঙাইগাঁৱলৈ ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷