বোল ব’মৰ নামত চূড়ান্ত অসভ্যালী, হাতে হাতে উদ্ধাৰ ড্ৰাগছৰ কন্টেইনাৰ

বোল ব’মৰ নামত বশিষ্ঠ মন্দিৰ প্রাংগণত উদ্ভণ্ডালি। শিৱ আৰাধনাৰ নামত চৰম অসভ্যালি একাংশ উদণ্ড যুৱকৰ।

author-image
Asomiya Pratidin
New Update
বোল ব’মৰ নামত চূড়ান্ত অসভ্যালী, হাতে হাতে উদ্ধাৰ ড্ৰাগছৰ কন্টেইনাৰ

ডিজিটেল ডেস্কঃ বোল ব’মৰ নামত বশিষ্ঠ মন্দিৰ প্রাংগণত উদ্ভণ্ডালি। শিৱ আৰাধনাৰ নামত চৰম অসভ্যালি একাংশ উদণ্ড যুৱকৰ। সুৰা, গাঞ্জা, ড্রাগছ সেৱন কৰি মন্দিৰত প্রৱেশ কৰিছে একাংশ উদণ্ড যুৱকে।

Advertisment

ভক্তিৰ নামত নিচাগ্রস্ত হৈ শালীনতাৰ চৰম সীমা অতিক্রম এইসকলৰ। আনকি কণ কণ শিশুৰ হাততো ড্রাগছৰ কণ্টেইনাৰ দেখা গৈছে। বোল ব’মৰ নামত এনেদৰেই প্রতিটো সোমবাৰে চলে চৰম অসভ্যালি।

১৪-১৫ বছৰীয়া কিশোৰৰ হাততো দেখা গৈছে ড্ৰাগছৰ কন্টেইনাৰ। এটা ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে যে এটা কিশোৰৰ হাতত ড্ৰাগছৰ কন্টেইনাৰ। কিশোৰজনে কোৱা মতে তেওঁ দশম শ্ৰেণীত পঢ়ে। আৰু কোনো বন্ধুৰ পৰা লাভ কৰিছে ড্ৰাগছখিনি।

কেৱল এজন যুৱকে নহয়, বোলবমলৈ যোৱা প্ৰায়ভাগ যুৱককেই দেখা যায় নিচাসক্ত অৱস্থাত। যেন বোলবমৰ নামত মুকলিকৈ ড্ৰাগছ, গাঞ্জা সেৱ কৰাৰ লাইচেঞ্চ পাই এই সকল উদণ্ডযুৱকে।

কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। যাৰ বাবে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। যদিহে এইবোৰ ক্ষেত্ৰত কোনো নিয়ন্ত্ৰণ কৰা নহয় তেন্তে সেই দিন দূৰ নহয় যেতিয়া উদণ্ড যুৱকসকলে সংঘটিত কৰিব জঘন্যকাণ্ড।

Also Read: কংগ্ৰেছৰ বৃহৎ জয়! সাংসদ পদ ঘূৰাই পালে ৰাহুল গান্ধীয়ে...

bolbom