বকলীয়াঘাটত দলবদ্ধ আক্ৰমণত এইবাৰ কাৰ্বি যুৱকৰ মৃত্যু…

বকলীয়াঘাটত দলবদ্ধ আক্ৰমণত এইবাৰ কাৰ্বি যুৱকৰ মৃত্যু…

author-image
asomiyapratidin
New Update
বকলীয়াঘাটত দলবদ্ধ আক্ৰমণত এইবাৰ কাৰ্বি যুৱকৰ মৃত্যু…

ডিজিটেল সংবাদ, বকলীয়াঘাট: বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত তাৰালাংছ ক'ৰাজী বে' গাঁৱত দেওবাৰে নিশা এক পাশৱিক হত্যাকাণ্ড সংঘটিত হয়৷ বাৰেলং গাঁৱৰ মনছিং ৰংপিয়ে ক'ৰাছী বে' গাঁৱৰ এগৰাকী মহিলাক দেওবাৰে নিশা অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হয়।

Advertisment

ইয়াৰ পিছতে একাংশ গঁঞাই মনছিঙক এখন খেল পথাৰৰ গ'ল পষ্টত বান্ধি লৈ ৰড, লাঠিৰে প্ৰহাৰ কৰে মনছিঙ নামৰ লোকজনক। ফলত ঘটনাস্থলিতে মনছিঙৰ মৃত্যু হয়৷ গণপ্ৰহাৰত মৃত্যু হোৱা মনছিঙৰ মৃতদেহ পুৱা গাঁওৱাসীয়ে প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষীয়ে পুৱাই ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাৱে ডিফুলৈ প্ৰেৰণ কৰে৷ সম্প্ৰতি ক'ৰাজী বে' গাঁ বিৰাজ কৰিছে মৰিশালীৰ নিস্তব্ধতাই ৷

উল্লেখ্য যে সমগ্ৰ অসম তথা উত্তৰ পূৱক কঁপাই যোৱা অভি নীল হত্যা কাণ্ডৰ জুই মাৰ নৌযাওঁতেই পুনৰ বকলীয়া ঘাটত সংঘটিত এই ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল উত্তৰ পূৱক।