/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b2054adf-183d-4c35-9951-2d1b86c20d42/BOKO.jpg)
BOKO
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত সোমবাৰে এগৰাকী ব্যক্তিয়ে পত্নীৰ বিৰহ-বেদনাত নিজে গঢ়া ঘৰ-দুৱাৰ ভাঙি অইন ঠাইত আশ্ৰয়গ্ৰহণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ অনুসৰি বকো থানাৰ অন্তৰ্গত ২নং উত্তৰ ছেখাদাৰীগাঁৱৰ ভিতুমণি নাথ(২২) নামৰ মহিলা এগৰাকীৰ তেজলগা মৃতদেহ যোৱা ২৫ অক্টোবৰত কুঁৱা এটাত ৰহস্যজনক ভাৱে উদ্ধাৰ হৈছিল ।
ভিতুমণি নাথৰ স্বামী উত্তম নাথে ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ কাষৰে মনোৰঞ্জন সূত্ৰধৰ নামৰ লোক এগৰাকীয়ে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে সেইদিনাই মনোৰঞ্জন সূত্ৰধৰক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে।
কিন্ত ইয়াৰ পিছত এগৰাকী আঢ়ৈ বছৰীয়া কন্যাশিশুৰ পিতৃ উত্তম নাথে পত্নী ভিতুমণি নাথৰ বিৰহ-বেদনাত নিজৰে ঘৰখনত নথকাৰ সিদ্ধান্তগ্ৰহণ কৰিছে । আজি উত্তম নাথে নিজে সজা ঘৰ-দুৱাৰ ভাঙি অইন ঠাইত আশ্ৰয়গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় । ব্যক্তিগৰাকীৰ দুখত দুখী হৈ গাঁৱখনৰ মহিলা সমিতিয়ে স্বত:স্ফুট ভাৱে ওলাই আহি ' হত্যাকাৰী মনোৰঞ্জন সূত্ৰধৰক গ্ৰেপ্তাৰ কৰক' , ' ভিতুমণি নাথৰ হত্যাকাণ্ডৰ ন্যায় লাগে ' , ' মনোৰঞ্জনক ফাঁচি দিয়ক' - আদি বিভিন্ন শ্ল'গান দি গাঁৱখনৰ পৰিৱেশ উত্তাল কৰে ।
ফলত গাঁৱখনৰ পৰিৱেশ বেদনাগধুৰহৈ পৰে । উল্লেখযোগ্য যে যোৱা ২৩ অক্টোবৰত বকোৰ ভিতুমণি নাথৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বহুদিন আগতে মহিলাগৰাকীক ওচৰৰে মনোৰঞ্জন সূত্ৰধৰ নামৰ লোকগৰাকীয়ে ধৰ্ষণ কৰা বুলি স্বামী উত্তম নাথক জনাইছিল ।