বকোত বনৰীয়া হাতীৰ সন্ত্ৰাস…

বকোত বনৰীয়া হাতীৰ সন্ত্ৰাস…

author-image
asomiyapratidin
New Update
বনাঞ্চলত নাই খাদ্য, শস্য ভূমিত জাকে জাকে হাতীঃ উজাগৰী নিশা কৃষকৰ,ব্যৰ্থ বন বিভাগ…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত দেওবাৰে নিশা বনৰীয়া হাতীয়ে এটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰা ঘটনাই আতংকৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ধূপগুৰীগাঁৱৰ সপ্তাহিক দেওবৰীয়া বজাৰৰ সমীপৰ হিতেশ দাস নামৰ লোক এগৰাকীৰ ঘৰত নিশা বনৰীয়া হাতী এটা সোমাই দুটাকৈ ঘৰ ভাঙি পেলায়।

Advertisment

বনৰীয়া হাতীটোৱে আনকি ঘৰৰ ভিতৰত ৰাখি থোৱা ধান পৰ্যন্ত খাই তহিলং কৰে । বনৰীয়া হাতীটোৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ পৰিয়ালটোৱে অইন ঠাইত থাকিব লগীয়া হয় । পৰিয়ালটোৱে কোনোমতে থাকিব পৰাকৈ আজি দিনৰ ভাগত ঘৰ এটা সাঁজি লৈছে । আনহাতে আজি নিশাও হাতীটোৱে কাষৰ জংঘল পৰা ওলাই আহি উপদ্ৰৱ কৰাৰ ভয়ত পৰিয়ালটোৰ লগতে ওচৰ-চুবুৰীয়া শংকিতহৈ আছে ।

আৰু পঢ়ক: বটদ্ৰৱাত নাঙল বিহু পালন…

assam BOKO elephant