/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/889c60df-fb1c-421a-a702-bb883680a322/boko.jpg)
boko volleyball
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত দেওবাৰে অসম ভলীবল মিছন-১০০ৰ উদ্যোগত আৰু বকো ভলীবল ক্লাৱৰ সহযোগত ভলীবল লীগৰ শুভাৰম্ভণি কৰা হয় ।
৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকো বজাৰৰ সমীপৰ বকো গান্ধী মৈদানত দিনজোৰ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভলীবল লীগৰ শুভাৰম্ভণি অনুষ্ঠানত অসম ভলীবল মিছন-১০০ই ৰাজ্যৰ ১৪৪টা ভলীবল দলক দুটাকৈ বল, নেট আৰু জাৰ্চি প্ৰদান কৰে ।