/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/boko.jpg)
ডিজিটেল সংবাদ, বকো: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অমৃত মহোৎসৱ উপলক্ষে বুধবাৰে বকোত বিজেপি দলে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে । বকো মণ্ডল বিজেপি, নগৰবেৰা মণ্ডল বিজেপি আৰু ছমৰীয়া মণ্ডল বিজেপিৰ সহযোগত দক্ষিণ কামৰূপ বিজেপি যুৱ মৰ্চাই আয়োজন কৰা ত্ৰিৰংগা যাত্ৰাত ডেৰ শতাধিক মটৰচাইকেল আৰু ই-ৰিক্সাত ভাৰতৰ স্বাভিমান ত্ৰিৰংগা লৈ বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এক বৃহৎ সমদল উলিওৱা হয়।
ত্ৰিৰংগা যাত্ৰাৰ শুভাৰম্ভ কৰে দক্ষিণ কামৰূপ বিজেপি যুৱ মৰ্চাৰ প্ৰভাৰী অভিনৱ গোস্বামীয়ে। কাৰ্যসূচীত অংশ গ্ৰহণ কৰে দক্ষিণ কামৰূপ জিলা বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিৰণ্য কুমাৰ নাথ, উপ-সভাপতি খনিন্দ্ৰ কলিতা, বকো মণ্ডল বিজেপিৰ সভাপতি বিক্ৰম কলিতা, নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি চন্দন পাঠক, ছমৰীয়া মণ্ডল বিজেপিৰ সভাপতি সঞ্জয় সৰকাৰ, দক্ষিণ কামৰূপ বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহ লাচিত কলিতা, দীপ বসুমতাৰী, জান কলিতা আদিকে ধৰি বিশিষ্ট নেতাই ।
আৰু পঢ়ক : নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন…