ষষ্ঠ অনুসূচীৰ সংগ্ৰামৰ ছহিদ সুৱান ৰাভাক সোঁৱৰণ…

শুকুৰবাৰে নামনি অসমৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া ছহিদ সুৱান ৰাভাক শ্ৰদ্ধাৰে সোঁৱৰণ

author-image
Asomiya Pratidin
New Update
ষষ্ঠ অনুসূচীৰ সংগ্ৰামৰ ছহিদ সুৱান ৰাভাক সোঁৱৰণ…

ডিজিটেল সংবাদ, বকো : নামনি অসমৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া ছহিদ সুৱান ৰাভাক শুকুৰবাৰে বিভিন্ন সমাজ-সংগঠনে গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।

Advertisment

কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত গলেবোকাগাঁৱৰ সুৱান ৰাভাই ২০১০ ইং বৰ্ষৰ আজিৰ দিনটোত ষষ্ঠ অনুসূচীৰ সংগ্ৰামত প্ৰাণ আহুতি দিবলগা হৈছিল। বকোৰ ৰম্যপুৰত গাঁৱত থকা সুৱান ৰাভাৰ প্ৰতিমূৰ্তিত প্ৰথমে বন্তিপ্ৰজ্বলন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যকৰী সদস্য সঞ্জীৱ কুমাৰ ৰাভাই।

মাল্যাৰ্পণ কৰে ছহিদ গৰাকীৰ মাতৃ আইকন ৰাভা আৰু কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভাই। ছহিদ সোঁৱৰণ অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভা , সাধাৰণ সদস্যা মিনতী বড়ো , কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জীতুল ৰাভা , উপ-সভাপতি আনন্দ ৰাভা, সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ ৰাভা উপস্থিত থাকে।

ইয়াৰ উপৰিও দক্ষিণ বনগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীন ৰাভা, উপ-সভাপতি শংকৰ ৰাভা, সম্পাদক বনজিৎ ৰাভা, দক্ষিণ বনগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী তৰালী ৰাভা, সম্পাদিকা কৃষ্ণা ৰাভা, দক্ষিণ বনগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি মহেশ্বৰ ৰাভা, সম্পাদক মজেন ৰাভাকে ধৰি বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

assam BOKO