মুক্তিযোদ্ধা প্ৰয়াত কাতিৰাম ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ…

মুক্তিযোদ্ধা প্ৰয়াত কাতিৰাম ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ…

author-image
asomiyapratidin
New Update
মুক্তিযোদ্ধা প্ৰয়াত কাতিৰাম ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ…

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত মুক্তিযোদ্ধা প্ৰয়াত কাতিৰাম ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদে । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাসহ কামৰূপ জিলাৰ আন আন কাৰ্যবাহী সদস্যৰ লগতে মঙ্গলবাৰে সাধাৰণ সদস্যই মুক্তিযোদ্ধাগৰাকীৰ বকোৰ টুৰুকপাৰাগাঁৱৰ ঘৰত উপস্থিত হৈ তেখেতৰ সহধৰ্মিনী পুষ্পাঞ্জলী ৰাভাৰ খা-খবৰ লয়। ইয়াৰ উপৰিও মুক্তিযোদ্ধাগৰাকীৰ পুত্ৰ কিশোৰী বিয়োগীৰ সৈতে প্ৰতিমূৰ্তি নিৰ্মাণৰ বিষয়ে আলাপ-আলোচনাত মিলিত হয় ।

Advertisment

মুক্তিযোদ্ধাগৰাকীৰ পৰিয়ালৰ সৈতে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা আৰু আন আন জনপ্ৰতিনিধি সকলে প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে উপযুক্ত স্থান বিচাৰি বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ খেলপথাৰ, মুক্তিযোদ্ধাগৰাকীয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা নৱোদয় হাইস্কুল খেলপথাৰ, পৰিবহন বিভাগৰ বকো কাৰ্যালয়ৰ সন্মুখভাগ আৰু বকো মজলীয়া বিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰে ।

এইক্ষেত্ৰত অৱশ্যে মুক্তিযোদ্ধাগৰাকীৰ পৰিয়ালৰ সিদ্ধান্তক ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদে সন্মান সহকাৰে গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে মুক্তিযোদ্ধাগৰাকীৰ সহধৰ্মিনী খা-খবৰ কৰাৰ লগতে প্ৰতিমূৰ্তি নিৰ্মাণৰ স্থান নিৰ্বাচনৰ বাবে যোৱা দলটোত আছিল ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, নগৰমল স্বৰ্গীয়াৰী, ফ্লায়লিন আৰ মাৰাক, আদিত্য ৰাভা, ৰশ্মি ৰাভা, সোণাৰাম ৰাভাৰ লগতে সাধাৰণ সদস্য অৰ্জ্জুন চেত্ৰী,পঞ্চমী ৰাভা, উদ্ধৱ ৰাভা কল্পৰাম ৰাভা, নৃপেন ৰাভা , সঞ্জয় ৰাভা, মিনতী বড়ো আৰু দিলীপ ৰাভা । 

আৰু পঢ়ক : বাছ-তৈল টেংকাৰৰ মুখামুখী সংঘৰ্ষ : ২০ জন জীৱন্তে অগ্নিদগ্ধ…

assam BOKO