বকোত মধ্যাহ্ন ভোজনৰ নামত লাখ লাখ টকা আত্মসাৎ, প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ…

বকোত মধ্যাহ্ন ভোজনৰ নামত লাখ লাখ টকা আত্মসাৎ, প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ…

author-image
asomiyapratidin
New Update
বকোত মধ্যাহ্ন ভোজনৰ নামত লাখ লাখ টকা আত্মসাৎ, প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ…

ডিজিটেল সংবাদ,ছমৰীয়া : কামৰূপ জিলাৰ বকোৰ অগ্ৰণী শিক্ষানুষ্ঠান বকো হাইস্কুলৰ মধ্যাহ্ন ভোজনৰ প্ৰায় ৬ লাখ টকা কৌশলৰে প্ৰধান শিক্ষকে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। উল্লেখ্য যে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা বিদ্যা মন্দিৰ বকো হাইস্কুলৰ ঐতিহ্যত কালিমা সানিলে প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনে।

Advertisment

বকো হাইস্কুলৰ প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ৫ লাখ ৭০ হাজাৰ টকা কৌশলৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্য মতে বিদ্যালয় পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি পৰিচালনা সমিতিৰ সভাপতিৰ প্ৰৱঞ্চনাৰে চহী লৈ বেংকৰ পৰা ৫ লাখ ৭০ হাজাৰ টকা উলিয়ায় হৰলুকি কৰাৰ তথ্য পোহৰলৈ আহিছে।এই ঘটনা পোহৰলৈ অহাত হতচকিত বিদ্যালয়খনৰ সহকাৰী শিক্ষক শিক্ষয়ত্ৰীৰ লগতে বকোৰ সচেতন মহল।

ইফালে সমগ্ৰ ঘটনা ফাদিল হোৱাৰ পিছত প্ৰধান শিক্ষকে বেংকৰ পৰা উলিয়াই অনা টকা আকৌ বেংকত জমা কৰা হ'ব বুলি নিৰ্লজ্য স্বীকাৰোক্তি প্ৰদান কৰে।ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোটে ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত। আনহাতে প্ৰাক্তন ছাত্ৰ দীপক ৰাভাই প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে দুৰ্নীতিপৰায়ন শিক্ষক জনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে বকোৰ বিভিন্ন মহলে।

আৰু পঢ়ক: ধলপুৰৰ দাধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত এজন আহত…

assam kamrup BOKO