/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e813746b-9f26-4ee5-bdb0-0cded2970e53/agranii.jpg)
boko robbbery incident
ডিজিটেল ডেস্ক : মঙলবাৰে নিশা বকোত সংঘটিত হয় ডকাইটি কাণ্ড। উল্লেখ্য যে এখন গেলামাল দোকানত লুটপাত চলাইছিল দুটা ডকাইতে। স্থানীয় ৰাইজৰ তৎপৰতাত আটক কৰা হৈছিল ডকাইত দুটা।
ডকাইটি কাণ্ড সংঘটিত কৰা দোকানখনৰ সমীপৰ দোকানী গণেশ থাপা, ৰবি দেৱকুটাক আক্রমণ কৰিছিল ডকাইত কেইটাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত আৰক্ষীলৈ গুলীচালনা কৰে ডকাইতৰ দলটোৱে।
উল্লেখ্য যে ডকাইতৰ গুলীত গুলীবিদ্ধ হয় অসম আৰক্ষীৰ এজন জোৱান। গুলীবিদ্ধ আৰক্ষী জোৱানজন বিলাসীপাৰাৰ আশ্রাফুল আলম। দুয়োপক্ষৰ গুলীচালনাত মৃত্যু হয় এটা ডকাইতৰ। চিকিৎসালয়ত মৃত্যু ডোৰোচিং বসুমতাৰী নামৰ ডকাইতটোৰ। আনহাতে গুলীবিদ্ধ আৰক্ষী জোৱান, দোকানী গণেশ থাপাক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।