বকোত পৃথকে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

বকোৰ ৰাজাপাৰা আৰু শালবাৰীত একে দিনাই দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
নিয়ন্ত্ৰণ হেৰুৱাই বাইকে খুন্দা মাৰিলে ই-ৰিক্সাত, থিতাতে নিহত...

প্ৰতীকি ফটো

ডিজিটেল সংবাদ,ছমৰীয়া:-বকোৰ ৰাজাপাৰা আৰু শালবাৰীত একে দিনাই দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।যাত্ৰীবাহী আল্ট্ৰা বাছৰ খুন্দাত আঘাতপ্ৰাপ্ত দুজন বাইক আৰোহী হোৱাৰ লগতে পথৰ দাঁতিৰ ডিভাইডাৰত খুন্দা মাৰি আঘাতপ্ৰাপ্ত হয় দুজন বাইক আৰোহী।

Advertisment

আঘাতপ্ৰাপ্ত বাইক আৰোহী দুজন মনছুফ আলী আৰু জীয়াৰুল হক।আঘাতপ্ৰাপ্ত আন দুজন আৰোহী ৰপন খাখলাৰী আৰু দীপেন খাখলাৰী।

দুৰ্ঘটনাত পতিত হোৱা বাইক দুখনৰ নম্বৰ AS 18 J 6206 আৰু AS25 P 8152।দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখনৰ নম্বৰ AS17 B 8901।ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী।আঘাতপ্ৰাপ্ত তিনিজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰন।

assam BOKO road accident