বকোৰ চকাবাহাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত টেম্পো চালক…

বকোৰ চকাবাহাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত টেম্পো চালক…

author-image
asomiyapratidin
New Update
বকোৰ চকাবাহাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত টেম্পো চালক…

ডিজিটেল সংবাদ,ছমৰীয়া-:কামৰূপ জিলাৰ বকোৰ চকাবাহাত দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । Hundai i10 আৰু টেম্প'ৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

Advertisment

ইয়াৰ ফলত থিতাতে নিহত টেম্প' চালক লগতে শিশু,মহিলা সহ আহত হয় তিনিজন। নিহত চালকজনৰ নাম সিদ্ধাৰ্থ দাস (৪৫)। নিহত সিদ্ধাৰ্থ দাসৰ ঘৰ বকোৰ কাহীবামাত বুলি জানিব পৰা গৈছে।

ইন্ধন শেষ হোৱা বাবে ঠেলি অনা হৈছিল টেম্প'খন।তেনে সময়তে প্ৰচণ্ড খুন্দা Hundai i10ৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই Hundai i10 ৰ চালকৰ পলায়ন। বাহনখনৰ পৰা মেঘালয় আৰক্ষীৰ পোছাক আৰু পৰিচয় পত্ৰ উদ্ধাৰ হৈছে।

নথি মতে চেংচেং আৰ মাৰাক নামৰ লোকজনে সংঘটিত কৰে দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত টেম্পʼখনৰ নম্বৰ হৈছে AS01 AC 9023।Hundai i10 খন নম্বৰ প্লেট বিহীন।নিশা বকো আৰক্ষীয়ে চলাই উদ্ধাৰ অভিযান।

আৰু পঢ়ক: ডিমা হাচাওত চিকিৎসক সহ ৯ স্বাস্থ্য কৰ্মীক নিলম্বন

assam road accident BOKO