/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/acc.png)
ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত পথ দুৰ্ঘটনা । বকো থানাৰ অন্তৰ্গত জাৰীখুৰী শালনীবাৰীৰ মাজত গুৱাহাটীৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে নগৰবেৰা অভিমুখী এ এচ- ০১ / ডি-৬১৯৫ নম্বৰ মটৰচাইকেল খনৰ বিপৰীত দিশৰ পৰা গৈ থকা বলেৰ' এখনে খুন্দা মাৰে । ফলত মটৰচাইকেল চলাই যোৱা যুৱক গৰাকীৰ থিতাতে মৃত্যু হয় ।
আনহাতে মটৰচাইকেল পিছফালে বহি থকা যুৱতী গৰাকী গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈছে । এতিয়ালৈকে দুয়োৰে নাম জনিব পৰা হোৱা নাই যদিও যুৱক-যুৱতী হাল ককায়েক-ভনীয়েক বুলি জানিব পৰা গৈছে । বলেৰ' খনে খুন্দা মাৰিয়ে শালনীবাৰীৰ মাজৰে পলাই পত্ৰং দিয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
 Follow Us
 Follow Us