/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/49fe7049-9d09-4701-a920-d4f5fcbbf925/boko1.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত অহা ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে তিনি ৰাভা সংগঠনৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলিছে।
৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকোৰ জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'বলগা কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ, বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বকো আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বকো আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ ক্ৰমে- ১৫ সংখ্যক দ্বি-বাৰ্ষিক, ১২ সংখ্যক দ্বি-বাৰ্ষিক, ১৪ সংখ্যক দ্বি-বাৰ্ষিক, ১১সংখ্যক দ্বি-বাৰ্ষিক আৰু পঞ্চম ত্ৰি-বাৰ্ষিক অধিৱেশন সাফল্য মণ্ডিত কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিয়ে সোমবাৰে এটা কাৰ্যালয় মুকলি কৰে ।
জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ক্ষেত্ৰৰ সন্মুখৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয়টো মুকলি কৰে বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ নাথে। কাৰ্যালয় মুকলি অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ সভাপতি ড৹ গণেশ্বৰ চহৰীয়াই বৃক্ষ ৰোপণ কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই অধিৱেশন সাফল্য মণ্ডিত কৰি তোলাৰ বাবে প্ৰথমগৰাকী দাঁতা হিচাপে দহ হাজাৰ টকা বৰঙণি আগবঢ়ায়।
কাৰ্যালয় মুকলি অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ উপদেষ্টা ৰমেন বৰা , হিচাপ পৰীক্ষক মনোৰঞ্জন কলিতা, সম্পাদক অংকুৰ কাকতি ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিতেশ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, সাধাৰণ সম্পাদক নমল কুমাৰ ৰাভা, সহকাৰী সম্পাদক জীতুল ৰাভা, বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুজিত ৰাভা, সম্পাদক দিব্য ৰাভা উপস্থিত থাকে।
আনাহাতে, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী ৰাণু ৰাভা, সম্পাদিকা সুজিতা ৰাভা, কামৰূপ জিলা পৰিষদৰ উপ-সভাপতি কাম্বুৰাম ৰাভা, পঞ্চায়তৰ আঞ্চলিক সদস্য পৰিমল ৰয় , ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে- সুমিত ৰাভা, সোণাৰাম ৰাভা, আদিত্য ৰাভা , জনপ্ৰতিনিধি অৰ্জ্জুন চেত্ৰী, দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সম্পাদক অজিত আলীকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।