কাইঠপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক শাস্তিমূলক বদলিৰ দাবী ৰাইজৰ...

প্ৰধান শিক্ষয়িত্ৰী বনফুলি মেধিয়ে দীৰ্ঘদিন ধৰি বিদ্যালয়খনত দুৰ্নীতি আৰু অনিয়ম কৰি আহিছে

author-image
Asomiya Pratidin
New Update
কাইঠপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক শাস্তিমূলক বদলিৰ দাবী ৰাইজৰ...

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে প্ৰাথমিক বিদ্যালয় এখনৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদী শ্লোগান দি পৰিৱেশ উত্তাল কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Advertisment

অভিযোগ মতে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত কাইঠপাৰা গাঁৱত থকা কাইঠপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বনফুলি মেধিয়ে দীৰ্ঘদিন ধৰি বিদ্যালয়খনত দুৰ্নীতি আৰু অনিয়ম কৰি আহিছে ।

প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়খনত চলাই থকা অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ তুলি বিদ্যালয়খনৰ পৰা শাস্তিমূলক বদলিৰ দাবীত ৰাইজে যোৱা ৬ জুলাইত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

কিন্তু ইয়াৰ পিছতো আজিলৈকে প্ৰধান শিক্ষয়িত্ৰী বনফুলি মেধিৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীগৰাকীয়ে কোনোধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে কাইঠপাৰাগাঁৱৰ ৰাইজে বিভিন্ন প্ৰতিবাদী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ৰাইজৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গুণেশ্বৰ বড়োৱে।

তেওঁ জনোৱা মতে বিদ্যালয়খনৰ আন্ত:গাঁঠনিৰ নামত অহা চৰকাৰী ধন বেঙ্কৰ পৰা মোকোলাই আনোতে বেঙ্কৰ প্ৰয়োজনীয় নথিপত্ৰত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সভাপতিক চহী কৰিবলৈ দিয়ে যদিও খৰছ কৰাৰ সময়ত তেওঁক মুঠেই একো নজনায়। আনহাতে কাইঠপাৰা গঞা ৰাইজৰ সভাপতি হৰিনাৰায়ণ দাসে দাবী কৰা মতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক নিয়মীয়া পাঠদান নকৰে ।

বিদ্যালয়লৈ আহি কিছু সময় থাকিয়ে গুছি যায় প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে। উল্লেখেয যে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়লৈ আহোতে সাজ-পোছাক পৰিধান কৰাৰ ক্ষেত্ৰতো ৰাইজে আপত্তি দৰ্শাই। যোৱা এমাহতকৈ অধিক সময় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনো দিয়া নাই।

মধ্যাহ্ন ভোজনৰ এই অভিযোগ তুলিছে বিদ্যালয়খনৰ সহকাৰী শিক্ষক অঞ্জন ৰাভা আৰু ফাল্গুনী তালুকদাৰে। এনেবোৰ কথা প্ৰধান শিক্ষয়িত্ৰীগৰাকী বনফুলি মেধিক ৰাইজ নাইবা পৰিচলনা সমিতিৰ সভাপতিয়ে সোঁৱৰাই দিলে ওলোটাই জাঙুৰ খাই উঠে।

যাৰ বাবে একাংশ অভিভাৱকে বিতুষ্টহৈ নিজৰ সন্তানক কাইঠপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা উলিয়াই ওচৰৰ আন প্ৰাথমিক বিদ্যালয়ত পঢ়ুৱাবলৈ বাধ্য হৈছে। ৰাইজে একেমুখে কাইঠপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বনফুলি মেধিক বিদ্যালয়খনৰ পৰা শাস্তিমূলক বদলিৰ দাবী জনাইছে ।

assam BOKO guwahati