বকোত শক্তি বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ...

শনিবাৰে শক্তি বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ জনাই পৰিৱেশ উত্তাল কৰি তোলে

author-image
Asomiya Pratidin
New Update
বকোত শক্তি বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ...

boko protest

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত শনিবাৰে শক্তি বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ জনাই পৰিৱেশ উত্তাল কৰি তোলে। জানিব পৰা মতে ৪৮ নং বকো বিধানসভা সমষ্টিৰ বকো বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মজেবাৰী, ভালুকমাৰী, ডবলপাৰা, ৱাথেগ্ৰেথাম, তিনিশিমিনা, উপৰ ভালুকমাৰীকে ধৰি ছয়খনকৈ গাঁৱৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে ।

Advertisment

ফলত সেইদিনাৰ পৰা গাঁও ৬খনৰ বাসিন্দাসকলে অন্ধকাৰত থাকিব লগীয়া হৈছে । অভিযোগ মতে যোৱা ২৭ অক্টোবৰৰ নিশা বকো বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে বিদ্যুৎ মাচুল নিদিয়াৰ অভিযোগ তুলি বৰজুলি গাঁৱৰ মাজভাগত থকা বিদ্যুতৰ খুটাৰ পৰা গাঁও ছয়খনলৈ নিয়া বৈদ্যুতিক তাঁৰৰ সংযোগ বিচ্ছিন্ন কৰি দিয়ে ।

গাঁওকেইখনৰ ৰাইজে বকো বিদ্যুৎ উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত এই সন্দৰ্ভত যোগাযোগ কৰাত গাঁওকেইখনৰ বিদ্যুত মাচুল আদায় নিদিয়া পৰিয়ালবোৰৰ মচুল আদায় কৰি দিবলৈ নিৰ্দেশ দিয়ে। শক্তিবিভাগৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ এনে নিৰ্দেশত ৰাইজে ক্ষুদ্ধ হৈ পৰিছে। ৰাইজে দাবী কৰা মতে গাঁও ৬খনৰ সকলো পৰিয়ালে বৈদ্যুতিক মাচুল আদায় নিদিয়াকৈ থকা নাই । গতিকে বৈদ্যুতিক মাচুল আদায় নিদিয়া পৰিয়ালবোৰৰ লগত একেলগে আদায় দিয়া পৰিয়ালবোৰৰো বিদ্যুত সংযোগ বিচ্ছিন্ন কৰাৰ যুক্তি নাই ।

ক্ষোভিত ৰাইজে সেয়েহে শনিবাৰে মজেবাৰী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ' শক্তি বিভাগ হায় হায় ' , ' আমাক বিদ্যুৎ লাগিবই' , ' শক্তিবিভাগৰ দুৰ্নীতি বন্ধ কৰক ' , ' বকোৰ এচ ডি অ' মুৰ্দাবাদ' আদি প্ৰতিবাদী শ্লোগান লিখা প্লেকাৰ্ড হাতে হাতে লৈ আৰু শক্তি বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী ৰাইজৰ অভিযোগ মতে উল্লেখিত গাঁওকেইখনত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বৈদ্যুতিক মিটাৰ চাবলৈ নোযোৱাকৈয়ে বিদ্যুৎ মাচুল প্ৰেৰণ কৰি আহিছে। সেয়াও পৰিয়ালবোৰে ব্যৱহাৰ কৰা বিদ্যুতৰ নিৰিখতকৈ অধিক পৰিমাণৰ বিদ্যুত মাচুল।

উল্লেখযোগ্য যে বকো বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে বিদ্যুত সংযোগ বিচ্ছিন্ন কৰা উল্লেখিত গাঁও ৬খন মেঘালয় ৰাজ্যৰ সীমাত অৱস্থিত আৰু গাঁওকেইখনত বনৰীয়া হাতীৰ মুকলি বিচৰণস্থলী। গতিকে গাঁওকেইখনৰ বাসিন্দাসকলে বাৰুকৈ বিমোৰত পৰিছে ।

assam protest BOKO