/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1d9a57a6-4d61-4b50-bdbe-8a86e3c1bfe5/bbbbb.jpg)
boko protest
ডিজিটেল সংবাদ, বকো : ৰাজ্যৰ যোগান বিভাগৰ বিৰুদ্ধে বকোত শুকুৰবাৰে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া সত্ৰ সমবায় সমিতি লিমিটেডৰ পৰা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনৰ বিনামূলীয়া চাউল বকোৰ ১নং বৰুৱাপথাৰ গাঁৱৰ ৰাইজে যোৱা ২০২১ বৰ্ষৰ মে' মাহৰ পৰা লাভ কৰা নাই।
গাঁওখনৰ ৰাইজে সমবায় সমিতিখনৰ এজেণ্ট নিকুঞ্জ নাথৰ বিৰুদ্ধে চাউল আত্মসাৎ কৰাৰ অভিযোগ তুলি কামৰূপ জিলাৰ উপযুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছে যদিও এজেণ্টগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ বিহীত ব্যৱস্থা নাইবা ৰাইজক প্ৰাপ্য চাউল দিয়াৰ ব্যৱস্থা নকৰাত ক্ষোভত ৰাইজে এনেদৰে ৰাজপথলৈ ওলাই আহে ।
'সমবায়ৰ এজেণ্ট নিকুঞ্জ নাথক গ্ৰেপ্তাৰ কৰক' , ' ছমৰীয়া সত্ৰ সমবায় সমিতিৰ দুৰ্নীতি বন্ধ কৰক' , 'আমাক চাউল লাগিবই' , ' আমাৰ দাবী মানিবই লাগিব' , ' যোগন বিভাগ হায় হায় ' - আদি বিভিন্ন শ্লোগান দি গাঁওখনৰ ৰাজপথত ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে।