/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/750a38db-621e-4bad-980e-e083dfb7c4e9/iiiii.jpg)
ডিজিটেল ডেস্ক: মঙলবাৰে বকোৰ কালাতলীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষক গ্রেপ্তাৰ।
চাকৰি জীৱনৰ অন্তিম দিনাই গ্রেপ্তাৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰফিকুল আলম।এগৰাকী ছাত্রীৰ আত্মহননক কেন্দ্র কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অধ্যক্ষ গৰাকীক।
যোৱা ৭ জানুৱাৰীত আত্মহত্যা কৰিছিল ছাত্রীগৰাকীয়ে। ছাত্রীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত আজি অধ্যক্ষগৰাকীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
ছাত্ৰী গৰাকীৰ মাতৃৰ অভিযোগ অনুসৰি অধ্যক্ষ ৰফিকুল আলমে ছাত্ৰী গৰাকীক শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলাই আহিছিল। যাৰ বাবে আত্মহত্যা কৰিছিল যাত্ৰী গৰাকীৰ।
Also Read: নগাঁৱৰ ৫ খনকৈ অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ স্বীকৃতি বাতিল