/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cef79fc9-f53c-44b4-bfde-baba8a133c79/download.jpg)
ডিজিটেল সংবাদ ,বকো : কামৰূপ জিলাৰ বকোত লামডিং আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বঙালী নেতা এগৰাকীয়ে । অভিযোগ মতে যোৱা ২৩ অক্টোবৰৰ নিশা বকো থানাৰ অন্তৰ্গত পুঠিমাৰীগাঁৱত সদৌ অসম বঙালী পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি সঞ্জয় সৰকাৰক ছমৰীয়াৰ পহৰা চকীৰ আৰক্ষীৰ সহযোগত লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
ইয়াৰ পিচত যোৱা ২৫ অক্টোবৰত হোজাই জে'লৰ পৰা মুকলিহৈ আহি দেওবাৰে বাঙালী নেতাগৰাকীয়ে বকোৰ ছমৰীয়া যুৱক সংঘৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলখনৰ যোগেদি প্ৰথমে বাঙালী নেতা সঞ্জয় সৰকাৰে তেওঁৰ বিপদৰ সময়ত সহায়-সহযোগৰ লগতে খা-খবৰ লৈ সান্ত্বনা দিয়া শুভাকাংক্ষী সকলোক কৃতজ্ঞতা জনায় ।
বাঙালী নেতাগৰাকীয়ে লামডিংৰ ৰূপেন দাস নামৰ লোক এগৰাকীৰ এজাহাৰৰ ভিত্তিত তেওঁক লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল বুলি জনায় । লামডিঙৰ ৰূপেন দাস নামৰ লোকগৰাকীয়ে বকোৰ ছমৰীয়াত টকা-পইচাৰ লেনদেন কৰা চিএচপি কেন্দ্ৰ এটা আৰম্ভকৰি ৰাইজক প্ৰবঞ্চনা কৰিবলৈ ওলোৱা কাৰ্যত বিৰোধিতা কৰি ৰূপেন দাসৰ কু-কীৰ্তিৰ তথ্য সামাজিক মাধ্যমত ভিডিঅ' সহ প্ৰকাশ কৰাত খৰ্গহস্তহৈ সেই ভিডিঅ' সম্পাদনা কৰি অপ-প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি ৰূপেন দাসে লামডিং আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত সঞ্জয় সৰকাৰক গ্ৰেপ্তাৰ কৰা বুলি দেওবাৰৰ সংবাদ মেলখনত সদৰী কৰে ।
বঙালী নেতা সঞ্জয় সৰকাৰে সেই ভিডিঅ' কোনো কাৰণতে সম্পাদনা কৰা নাই বুলি দাবী কৰি প্ৰয়োজনত ফৰেনচিক লেবৰেটৰীত প্ৰেৰণ কৰি পৰীক্ষা কৰিবলৈ দাবী জনায় । বিভিন্ন দল-সংগঠনৰ পৰা খেদাখোৱা ৰূপেন দাস নামৰ লোকগৰাকী সম্প্ৰতি ৰাজনৈতিক দল তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদকৰ পদত থাকি ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি বঙালী নেতাগৰাকীয়ে সংবাদ মেলখনত অভিযোগ কৰে ।
আজিৰ সংবাদমেলখনতে বঙালী নেতাগৰাকীয়ে লামডিং আৰক্ষীয়েও ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ কৰে । ৰূপেন দাসৰ নামৰ ঠগ-প্ৰৱঞ্চক এগৰাকীৰ কথাত সেইদিনা পুৱতি নিশা তেওঁক লামডিং আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ দৰে হাতত হেণ্ডকাফ লগাই নিয়াক আৰক্ষীৰ ক্ষমতাৰ চৰম অপব্যৱহাৰ আখ্যা দি সংবাদ মেলখনৰ জৰিয়তে বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দৃষ্টিগোচৰ কৰে ।
আৰক্ষীয়ে এনেদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিলে সাধাৰণ ৰাইজ জীয়াই থকাই কঠিন হ'ব বুলিও বাঙালী নেতা সঞ্জয় সৰকাৰে ক্ষোভ প্ৰকাশ কৰি সময় থাকোতে মুখ্যমন্ত্ৰীগৰাকীলৈ আৰক্ষীক নিয়ন্ত্ৰণ কৰি সাধাৰণ ৰাইজক জীয়াই থকাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে নেতাগৰাকীয়ে দাবী জনায় ।
উল্লেখযোগ্য যে সঞ্জয় সৰকাৰ নামৰ বঙালী নেতাগৰাকীক বকো থানাৰ অন্তৰ্গত ছমৰীয়া পহৰা চকীৰ আৰক্ষীৰ সহযোগত লামডিং আৰক্ষীয়ে যোৱা ২৩ অক্টোবৰৰ নিশা বকো পুঠিমাৰীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি নি হোজাই জে'ললৈ প্ৰেৰণ কৰিছিল ।