/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/p.png)
ডিজিটেল সংবাদ, বকো : ছয়গাঁৱত অসমীয়া শ্ৰমিকৰ ওপৰত অনা-আসমীয়াৰ নিৰ্যাতনৰ অভিযোগ। ছয়গাঁও ছাটাবাৰী উদ্যোগিক পামৰ হিন্দুস্থান ক'লাজ নামৰ আলকাতৰা উদ্যোগৰ ৮ গৰাকী শ্ৰমিকে কৰিছে এনে গুৰুতৰ অভিযোগ।
উদ্যোগটোত শ্ৰমিক হিচাপে কাম কৰা অসমীয়া কুমুদ চন্দ্ৰ কলিতা পেটৰ বিষত গুৰুতৰ ভাবে আক্ৰান্ত হোৱাৰ পিচতো কামৰ পৰা ৰেহাই দিয়া নাই। নাইবা কৰা নাই কোনো চিকিৎসাৰ ব্যৱস্থা। বৰঞ্চ ছুটি বিচাৰিলে কামৰ পৰা উলিয়াই দিয়াৰ দিছে ভাবুকি ।
উদ্যোগটোৰ অনা অসমীয়া পৰিচালক কুমাৰ কুণ্ডন আৰু গাণনিক আলোক মহান্তিৰ বিৰুদ্ধে শ্ৰমিক সকলে কৰিছে অভিযোগ। আনকি উদ্যোগটোৰ ২০ গৰাকী শ্ৰমিকৰ কাম ৮ গৰাকী শ্ৰমিকৰ হতুৱাই কৰি আহিছে ।শ্ৰমিক কেইগৰাকীক উপযুক্ত পাৰিশ্ৰমিক নিদিয়াৰো কৰিছে অভিযোগ।