/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/bata.png)
ডিজিটেল সংবাদ,বকো: এচাম লোকৰ জীৱন জোৰা সাধনা আৰু ত্যাগৰ বাবে চহকী হৈ আছে কৃষ্টি-সংস্কৃতি। তেনে এগৰাকী সংস্কৃতিৰ সাধক সুৰজিন ৰাভা। ঘৰ কামৰূপ জিলাৰ বকোৰ পয়ৰাঙ্গা গাঁৱত।
প্ৰায় ৮০ বছৰীয়া সুৰজিন ৰাভাই মনসা পূজাত পৰম্পৰাগত ভাৱে প্ৰচলিত মাৰৈ গীতৰ ওজা শিল্পী। লোক-সংস্কৃতিৰ নামত জীৱন উৎসৰ্গা কৰা শিল্পী সুৰজিন ৰাভাই সৰুতে মাৰৈ পূজাত প্ৰচলিত ওজাপালিত পালি শিল্পী হিচাপে অংশগ্ৰহণ কৰিছিল যদিও সেই সময়ৰ ওজাপালি দলটোৰ ওজা শিল্পী গৰাকী ইহলীলা সম্বৰণ কৰাত তেখেতে ওজা শিল্পী হিচাপে অংশ গ্ৰহণ কৰে ।
সুৰজিন ৰাভাই ওজা শিল্পী হোৱাৰ আঁৰৰ অন্যতম ব্যক্তি হ'ল বকো বাকাৰাপাৰা গাঁৱৰ মাৰৈ গীতৰ ওজা প্ৰয়াত ভুহুৰা আলী। সেইগৰাকী ওজা শিল্পীৰ পৰা সুৰজিন ৰাভাই মাৰৈ গীতৰ সুৰ শিকিছিল। তেতিয়াৰে পৰা ওজা শিল্পীগৰাকীয়ে অসমৰ শোণিতপুৰ, গোৱালপাৰা, সোণাপুৰ,জাগীৰোড, দুধনৈ , ছয়গাঁও, বকো আদিকে ধৰি বিভিন্ন ঠাইৰ ধৰ্মীয় অনুষ্ঠানত মাৰৈ গীতৰ ওজা শিল্পী হিচাপে অংশগ্ৰহণ কৰি আহিছে ।
বহু ধৰ্মীয় অনুষ্ঠানত তিনিদিন তিনি নিশালৈকে ওজাশিল্পী হিচাপে অংশগ্ৰহণ কৰা সুৰজিন ৰাভাক কৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত হৈ থাকি জীৱন নিৰ্বাহ কৰিব পাৰেনে বুলি জানিব বিচৰাত একেষাৰতে নোৱাৰি বুলি জানিবলৈ দিয়ে । বৰঞ্চ ঘৰত খেতি-বাতি নকৰিলে খাবলৈ নাপাই মৰিব লাগিব বুলি কয় ।
সুৰজিন ৰাভাই পয়ৰাঙ্গা গাঁৱত ১৪জনীয়া ওজাপালিৰ দল এটা গঠিত কৰি লৈছে। যিটো দলে বছৰ বছৰ ধৰি পৰম্পৰাগত ভাবে কৃষ্টি-সংস্কৃতিৰ সেৱা আগবঢ়াই আহিছে । কৃষ্টি-সংস্কৃতিৰ নামত জীৱন উৎসৰ্গা কৰি বিশ্বৰ দৰবাৰত অসমৰ লোক-সংস্কৃতিক অন্যতম হিচাপে প্ৰতিষ্ঠা কৰাৰ পিছতো সংস্কৃতিৰ সাধক গৰাকীক আজিলৈকে দিয়া নাই চৰকাৰী স্বীকৃতি ।আচৰিত হ'ব লগীয়া কথা সুৰজিন ৰাভাৰ স্মৃতিশক্তি ইমানেই প্ৰখৰ যে মাৰৈ পূজাৰ বাবে প্ৰয়োজনী মাৰৈ গীত জিভাৰ আগতে আছে ।
আনকি তেখেতে লিখা-পঢ়া কৰিব নাজানে । সুৰজিন ৰাভাক দেখিলে এতিয়াও ৪০-৫০ বছৰীয়া ব্যক্তি যেনহে লাগে । সুন্দৰ মন , মানুহৰ সান্নিধ্য আৰু ওজা শিল্পী হিচাপে অংশগ্ৰহণ কৰি শৰীৰচৰ্চা হৈ থকাৰ ফলতে শিল্পীগৰাকীক বয়সে হাৰ মনাব পৰা নাই। এতিয়াও যেন তেওঁ চফল ডেকা হৈয়ে আছে।