/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/boko.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ ৪৮নং বকো বিধান সভা সমষ্টিক কৃষিৰ ক্ষেত্ৰত এখন সপোনৰ বকো গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে বকোৰ বিধায়িকা নন্দিতা দাসে । এই কথা বৃহস্পতিবাৰে বকো কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত এনেদৰে মনৰ ভাব প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে । এই ক্ষেত্ৰত বিধায়িকাগৰাকীয়ে বকোৰ কৃষক ৰাইজৰ লগতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পূৰ্ণ সহযোগ আশা কৰিছে ।
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বকো কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা এখন সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়িকাগৰাকীয়ে আন আন দেশত খেতি কৰি মানুহে কেনেদৰে স্বাৱলম্বী হৈছে তাৰো উদাহৰণ দাঙি ধৰে । চৰকাৰী আঁচনিসমূহ সঠিক ৰূপায়নৰ লগতে খেতিয়কে মনযোগেৰে খেতি কৰিলে অসমৰ খেতিয়কে পঞ্জাৱৰ খেতিয়কৰ দৰে মাৰ্চিডিছ কিনিব নোৱাৰাৰ কোনো কাৰণ নাই বুলি তেওঁ ভাষণত উল্লেখ কৰে ।
সভাখনত অংশ গ্ৰহণ কৰা ধান বিক্ৰী অভিলেখ ৰচনা কৰা তিনিগৰাকী উল্লেখযোগ্য খেতিয়কক ৰাইজৰ সন্মুখত পৰিচয় কৰাই দিয়ে । সভাত দুই এগৰাকী খেতিয়কে কৃষক সন্মান নিধিৰ ধন পাবলৈ হ'ল কেনেদৰে আগবাঢ়িব লাগিব বুলি কৰা প্ৰশ্নৰ উত্তৰত বকো কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া হিতেশ ডেকাই বিতং ভাবে কৃষকসকলক বুজাই দিয়ে ।
লগতে বিষয়াগৰাকীয়ে সকলো ক্ষেত্ৰত কৃষক বকো কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে সাজু বুলি আশ্বাস প্ৰদান কৰে । আন এগৰাকী জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দীপক কুমাৰ ডেকাই নগৰবেৰাৰ দুখন পঞ্চায়তত ফচল বীমা আঁচনিৰ ১০০ শতাংশ কৃষক অন্তৰ্ভুক্ত হ'বলৈ দুই/ তিনি শতাংশহে বাকী আছে বুলি সভাখনত জানিবলৈ দিয়ে ।
সভাত বহু কেইগৰাকী খেতিয়কৰ মাজত ফচল বীমা আনুষ্ঠানিক ভাবে বিতৰণ কৰা হয় । সভাখনত কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰী, কৃষি পৰিদৰ্শক কমলেশ্বৰ দাস, বকো কৃষি মহকুমা বিষয়া চন্দ্ৰধৰ কলিতা, বকো ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ধীৰাজ বড়ো, বকো ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভূপেশ চৌধুৰী, কংগ্ৰেছী নেতা বীৰেণ টোটলা, মহিলা কংগ্ৰেছৰ নেত্ৰী সৰলা দাসকে ধৰি বিশিষ্ট লোকসকলে অংশ গ্ৰহণ কৰে ।