/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ce001b39-4f12-4d0c-8a0e-f6a46bf25ae4/agranii.jpg)
boko murder
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত এগৰাকী মহিলাক স্বামীয়ে হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকোৰ বৃহস্পতিবাৰীয়া বজাৰত বকো শান্তিপুৰগাৱৰ চাংচাং চাংমা আৰু তেখেতৰ পত্নী সঙ্গীতা চাংমাই দুই সন্তানৰ সৈতে বসবাস কৰি আহিছিল ।
শুকুৰবাৰে নিশা চাংচাং চাংমায়ে মদ্যপান কৰি সঙ্গীতা চাংমাক ইটাৰে মৰিয়াই হত্যা কৰে । আৰক্ষীয়ে হত্যাকাৰী চাংচাং চাংমাক গ্ৰেপ্তাৰ কৰে আৰু সঙ্গীতা চাংমাৰ মৃতদেহ শনিবাৰে মৰণোত্তৰ পৰীক্ষা বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us