/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/BOKO.jpg)
ডিজিটেল সংবাদ বকো : কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে নিশা এখন নেমুৰ বাগান জ্বলাই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ জৈৱিক উদ্যানত থকা প্ৰায় ১,০০০ জোপা নেমুগছ নিশাৰ অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই জ্বলাই দিয়ে । বুধবাৰে ৰাতিপুৱা মহাবিদ্যালয় কতৃপক্ষৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষী থানাৰ আৰক্ষীৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।