বকো হাইস্কুলত মধ্যাহ্ন ভোজনৰ নামত কেলেংকাৰী…

বকো হাইস্কুলত মধ্যাহ্ন ভোজনৰ নামত কেলেংকাৰী…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ, বকো : বকো হাইস্কুলৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ । বকো হাইস্কুলত মধ্যাহ্ন ভোজনৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থা।

বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ ৫ লাখ ৭০ হেজাৰ টকাৰ দুৰ্নীতিত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফনীন্দ্ৰ চৌধুৰী আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনক জগৰীয়া কৰি ছাত্ৰ সংগঠনটোৱে দুয়োগৰাকী লোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বুধবাৰে বকো ৰাজহ চক্ৰ বিষয়াৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰে।

আৰু পঢ়ক : কিশোৰীক শ্লীলতাহানিৰ চেষ্টা, আটক এজন…

assam BOKO bjp himanta biswa sarma Assam police