বকোত গাঞ্জাসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

কামৰূপ জিলাৰ বকো নিশা আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ সৰবৰাহী এটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়

author-image
Asomiya Pratidin
New Update
বকোত গাঞ্জাসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

boko

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকো নিশা আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ সৰবৰাহী এটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

ঘটনাৰ বিৱৰণী মতে বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত বকো আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বকো থানাৰ অন্তৰ্গত হাহিম তিনি আলিত প্ৰায় ৮ কিলোগ্ৰাম গাঞ্জাসহ নাজেৰ আলি (৩০) নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

গাঞ্জা সৰবৰাহকাৰীটোৰ ঘৰ নগৰবেৰা ৰংগেশ্বৰীপামৰ বুলি জানিব পৰা গৈছে । আজি ৰাতিপুৱা আৰক্ষীয়ে গাঞ্জা সৰবৰাহীটোক জে'ললৈ প্ৰেৰণ কৰিছে।

আৰু পঢ়ক : ঘোষণা হ'ল ২০১৯ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা, অসমৰ ৯ গৰাকীলৈ এই সন্মান...

assam ganja BOKO